নিউজ ডেস্ক, ২৭ ছেপ্টেম্বৰ, ২০২৩ : এতিয়াও শান্ত হোৱা নাই মণিপুৰ। এতিয়াও জ্বলি আছে মণিপুৰ (Manipur Violence)। বিগত চাৰি মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ থকা মণিপুৰত ইণ্টাৰনেটত সেৱা মুকলি কৰাৰ পিছতে ভাইৰেল হৈছে দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি। দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি ভাইৰেল হোৱাৰ পিছত মণিপুৰত পুনৰ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে মনিপুৰত।

গোষ্ঠী সংঘর্ষৰ জুইত এতিয়াও জ্বলি আছে চুবুৰীয়া ৰাজ্য মণিপুৰ। যোৱা ৩ মে’ৰ পৰা মণিপুৰত আৰম্ভ হৈছিল দুই সম্প্ৰদায়ৰ মাজত গোষ্ঠী সংঘৰ্ষ। এই সংঘৰ্ষত শ শ লোক নিহত হোৱাৰ লগতে অহাত হৈছে হাজাৰ হাজাৰ লোক। ঘৰ এৰি পলায়ন কৰিছিল কেইবাহাজৰ লোক। আশ্ৰয় লৈছে অসমকে ধৰি কেইবাখনো চুবুৰীয়া ৰাজ্যত।

মণিপুৰৰ গোষ্ঠী সংঘর্ষৰ সময়ত ৰাজ্যখনত কৰ্তন কৰা হৈছিল ইণ্টাৰনেট সেৱা। বিগত চাৰি মাহ ধৰি ইণ্টাৰনেট সেৱা বন্ধ হৈ থকা মণিপুৰত যোৱা ২৩ ছেপ্টেম্বৰত ইণ্টাৰনেট সেৱা মুকলি কৰা হৈছিল। ইণ্টাৰনেট সেৱা মুকলি কৰাৰ পিছতে দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি ভাইৰেল হ’বলৈ ধৰে আৰু পুনৰ মণিপুৰৰ পৰিস্থিতি অশান্ত হৈ পৰে। পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয় মণিপুৰত।

লাহে লাহে মণিপুৰৰ পৰিস্থিতি উন্নত হ’বলৈ ধৰিছিল যদিও জুলাই মাহৰ পৰাই সন্ধানহীন হৈ থকা দুই শিক্ষাৰ্থীৰ মৃতদেহৰ ছবি ভাইৰেল হ’বলৈ ধৰাত পুনৰ উত্তপ্ত হৈ পৰে মণিপুৰৰ পৰিস্থিতি। মণিপুৰৰ উত্তপ্ত পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মণিপুৰত পুনৰ ১ অক্টোবৰ পৰ্যন্ত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ লগতে ৰাজ্যখনত শিক্ষা প্ৰতিষ্ঠান সমূহো বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ৰাজ্যপালে মণিপুৰৰ শিক্ষা প্ৰতিষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। উল্লেখ্য যে মণিপুৰত দুই সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘর্ষৰ সময়ত বহু হিংসাত্মক ঘটনা সংঘটিত হৈছে। দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথত নিৰ্যাতন চলোৱাৰ এক ভিডিঅ’ ভাইৰেল হোৱাত সমগ্ৰ বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সেনা আৰু মণিপুৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতো মণিপুৰত সংঘটিত হৈ আছে হিংসাত্মক ঘটনা।