ৰঙিয়া, ২৭ ছেপ্টেম্বৰ, ২০২৩ : মাছ মাৰিবলৈ গৈ বিলত পৰি এজন শ্ৰমিকৰ মৃত্যু (Labour Drown While Going To Fishing)। মাছ মৰি থাকোতে হঠাৎ শ্ৰমিকজন বিলৰ দ’ ঠাইত পৰি যায়। কেইজনমান লোকে শ্ৰমিকজনক বিলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা চলায় যদিও শ্ৰমিকজনৰ মৃত্যু হয়। অৱশেষত আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহ বিলৰ পৰা উদ্ধাৰ কৰে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

বিলত মাছ মাৰি থাকোতে এজন শ্ৰমিক হঠাৎ বিলৰ দ’ ঠাইত পৰি মৃত্যু হোৱাৰ এক শোকাবহ ঘটনা সংঘটিত হৈছে। এই শোকাবহ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত। ৰঙিয়াৰ উদিয়ানাত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এখন বিলত মাছ মাৰি থাকোতে শ্ৰমিকজন হঠাৎ বিলৰ দ’ ঠাইত পিছলি পৰে। শ্ৰমিৰজনক কেইজনমান লোকে বিলৰ পৰা উদ্ধাৰ কৰিবলৈ বহু চেষ্টা চলায় যদিও শ্ৰমিকজন বিলৰ পানীত সন্ধানহীন হৈ পৰাত শ্রমিকজনৰ মৃত্যু ঘটে।

মৃত শ্রমিকজন গোৱালপাৰাৰ জিলাৰ বলবলাৰ চান্দমাৰীৰ গাঁৱৰ ২৮ বছৰীয়া ফজলু হক বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ পকী বেৰৰ কাম কৰিবলৈ কেইজনমান শ্ৰমিক গোৱালপাৰাৰ পৰা ৰঙিয়ালৈ আহিছিল। উদিয়ানাত ঠিকাদাৰৰ অধিনত গোৱালপাৰাৰ পৰা অহা শ্ৰমিকৰ দলটো কাম কৰি আছিল। বুধবাৰৰ দিনটোত কোনো কাম নথকাত ওচৰতে থকা বিলত কেইজনকমান শ্ৰমিকে মাছ মাৰিবলৈ যায়।

মাছ মাৰি থকা অৱস্থাতে গোৱালপাৰাৰ বলবলা চান্দমাৰীৰ ফজুল হক নামৰ শ্ৰমিকজন হঠাৎ বিলৰ পানীৰ দ’ ঠাইত পিছলি পৰি পানীত ডুব যায়। শ্ৰমিকজনৰ লগত মাছ মাৰি থকা আন দুজন শ্ৰমিকে বিলৰ পানীত ডুব যোৱা শ্ৰমিকজনক উদ্ধাৰ কৰিবলৈ বহু চেষ্টা চলায় যদিও শ্ৰমিকজন বিলত সন্ধানহীন হৈ পৰে আৰু অৱশেষত শ্ৰমিকজন মৃত্যুক সাৱটি লয়।

পিছত শ্ৰমিক সকলে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় কেইজনমান লোকৰ সহায়ত শ্ৰমিকজনৰ মৃতদেহ বিলৰ পৰা উদ্ধাৰ কৰে। আৰক্ষীয়ে শ্ৰমিকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক গতাই দিয়াৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।