বোকাজান : কাৰ্বি আংলং জিলাৰ বোকাজানত পুনৰ জব্দ বৃহৎ পৰিমাণৰ হে’ৰইন। এখন নম্বৰ প্লেট বিহীন বাহনৰ পৰা জব্দ হৈছে এই বৃহৎ পৰিমাণৰ হে’ৰইন। ডিমাপুৰ দিশৰ পৰা আহি আছিল গাড়ীখন। হেৰ’ইনখিনি লৈ অহা মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

অসম আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে যদিও ৰাজ্যত ৰোধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ। এফালে আৰক্ষীয়ে প্ৰতিদিনে ড্ৰাগছ জব্দ কৰিছে আৰু আনফালে ড্ৰাগছ সৰবৰাহকাৰী সকলে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ। দেওবাৰে নিশা পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

কাৰ্বি আংলং আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশা পুনৰ এক বৃহৎ সাফল্য লাভ কৰিলে জিলাখনৰ বোকাজান আৰক্ষীয়ে। নিশা ডিলাইৰ ১২ মাইলত নাকা তালাচী চলাই এজন নম্বৰ প্লেট বিহীন গাড়ীৰ পৰা বোকাজান আৰক্ষীয়ে জব্দ কৰিছে ২ কেজি ওজনৰ হেৰ’ইন।

ডিমাপুৰৰ দিশৰ পৰা আহি থকা নম্বৰ প্লেট বিহীন গাড়ীখনৰ পৰা তালাচী চলাই ১৫২ টা চাবোনৰ বাকচত লুকুৱাই অনা হেৰ’ইনখিনি জব্দ কৰে আৰক্ষীয়ে। হেৰ’ইনখিনিৰ লৈ অহা লানাহমাই ষ্টেফেন আৰু ৰকো বাইপ’ নামৰ মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।