সোনাপুৰ, ২৯ মেঃ সোনাপুৰৰ কমালাজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ এজন শিক্ষকক ৰাইজে দিলে উচিত শিক্ষা। বিদ্যালয়ৰ চৌহদত শিক্ষক জনক কাণত ধৰাই আঁঠু কঢ়ালে স্থানীয় ৰাইজে। সোনাপুৰৰ কমালাজাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ শিক্ষক প্ৰাণেশ্বৰ ভূঞাই যোৱা কিছু মাহ ধৰি বিদ্যালয় খনৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ ছাত্রীসকলক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগত ৰাইজে শিক্ষক জনক বিদ্যালয়ৰ চৌহদত কাণত ধৰাই আঁঠু কঢ়াই শাস্তি দিয়ে। সমাজ বিজ্ঞানৰ শিক্ষক জনে প্ৰায় এমাহ ধৰি সপ্তম আৰু অষ্টম শ্রেণীৰ ছাত্ৰীসকলক শ্ৰেণী কোঠাত অশালীন ব্যৱহাৰ কৰি অহাত ছাত্ৰীসকল অতিষ্ঠ হৈ অভিভাৱকক এই বিষয় অৱগত কৰাত অভিভাৱকসকল বিদ্যালয়ত উপস্থিত হৈ লম্পট শিক্ষক জনক এইদৰে শাস্তি প্ৰদান কৰি সোনাপুৰ আৰক্ষীক গতাই দিয়ে। শিক্ষক জনৰ এনে আচৰণ খবৰ পাই সোনাপুৰৰ কেইবাটাও সংগঠনে বিদ্যালয়ত আহি প্ৰধান শিক্ষকক লম্পট শিক্ষক জনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱাৰ পিছতো প্ৰধান শিক্ষকজনে কোনো বিহিত ব্যৱস্থা নোলোৱাত ৰাইজ উত্তেজিত হৈ লম্পট শিক্ষক জনক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।