গুৱাহাটী, ২৮ জুলাইঃ আহমেদিয়া মুছলিম জামাতৰ তৰফৰ পৰা নলবাৰীৰ বানপীড়িতক সাহাৰ্য্য বিতৰণ কৰা হয়৷ নলবাৰীৰ ভগনামাৰীৰ বিভিন্ন সাহাৰ্য্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰা প্ৰায় ৬০ টাৰো অধিক বানাক্ৰান্ত পৰিয়ালক আহমেদিয়া মুছলিম জামাতে চাউল, দাইল, তেলকে ধৰি প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে৷ উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত বানপানীয়ে কালৰূপ ধাৰণ কৰি শতাধিক গাঁৱৰ শস্য ভূমিৰ লগতে ঘৰ দুৱাৰৰ ব্যাপক ক্ষতি সাধন কৰিছে৷ বানপানীত প্ৰায় ১৭ লাখতকৈ অধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে প্ৰায় ৬৬ জন লোক নিহত হয়৷ বানত ঘৰ মাটি উছন হোৱা পৰিয়াল সমূহে থকা ঠাইৰ অভাৱত বৰ্তমানো সাহাৰ্য্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে৷ বানাক্ৰান্ত অঞ্চলসমূহত চৰকাৰী সাহাৰ্য্য প্ৰদান কৰা হৈছে যদিও সেয়া যথেষ্ট নোহোৱাত বিভিন্ন দল, সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগতে ব্যক্তি বিশেষে নিজাববীয়াকৈ বানাক্ৰান্ত অঞ্চলত সাহাৰ্য্য আগবঢ়াইছে৷