কলগাছিয়া, ২৮ জুলাইঃ বৰপেটাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত কলেজ ৰোডত দুপৰীয়া সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত ১৩ জন লোক গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য মতে, কলগাছিয়াৰ পৰা গুনিয়ালগুৰি অভিমুখে যোৱা এএছ ১৫ চি৭৩৬৭ নম্বৰৰ টেম্পোক একে দিশেৰে যোৱা এএছ ২৫ এচি ৮৪৮২ নম্বৰৰ বলেৰ জেনন পিক আপ ভেনে খুন্দা মৰাত টেম্পোখন পথৰ পৰা বাগৰি পৰে।  দলঙৰ ৰেলিঙৰ কাৰণে টেম্পোখন দ খাৱৈত বাগৰি পৰাৰ পৰা কথমপি ৰক্ষা পৰে৷ দুৰ্ঘটনাত ৰাবিয়া খাতুন, ছবিয়া খাতুন (১৪), তহিদুৰ ৰহমান (২), ৰাজিবুল ইছলাম (৭), দেলুৱাৰা খাতুন (৫০), নুৰুল হুছেইন, ৰেজাউল হাছান, হাছিনা খাতুন, বিল্লাল হুছেইন, নুৰজাহান খাতুন (১২), ৰাশিদা খাতুন (২৬), আশ্ৰাফুল (২), বুল বুল (২ মাহ) সহ  ১৩ জন লোক আহত হয়। স্থানীয় ৰাইজৰ আহত সকলক ততাতৈয়াকৈ কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আনহাতে বলেৰ জেনন পিক আপ ভেনখনে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়নৰ চেষ্টা কৰে যদিও কলগাছিয়াৰ বালাৰপাথাৰত ৰাইজে গাড়ীখন আৱদ্ধ কৰে৷ অৱশ্যে পিক আপ ভেনৰ চালকজন পলায়ন কৰিবলৈ সক্ষম হয়।