অনলাইন ডেস্ক সংবাদ ৩৬৫, ২৫ জুলাইঃ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ কৰে ৰামনাথ কোৱিন্দে৷ নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য ন্যায়াধীশে কোৱিন্দক শপত বাক্য পাঠ কৰোৱায়৷ দেশৰ ১৪তম ৰাষ্ট্ৰপতি হিচাবে কোবিন্দে শপত গ্ৰহণ কৰাৰ পিছত ২১ টা টোপেৰে সন্মান জনোৱা হয়৷ তেওঁ ভাষণত দেশ এখনৰ নিৰ্মাণৰ কাম চৰকাৰে অকলে কৰিব নোৱাৰে বুলি উল্লেখ কৰি সকলোৰে সহযোগিতা বিচাৰে৷ তেওঁ লগতে কয় যে, মই গাঁৱৰ পৰা আহিছো৷ মাটিৰ ঘৰত ডাঙৰ হৈছো। মোক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে সকলোকে ধন্যবাদ। মই নিষ্ঠা সহকাৰে নিজৰ দায়িত্ব পালন কৰি যাম। ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ, ড০ এপিজে আব্দুল কালাম আৰু প্ৰণৱ দাৰ দৰে বৰেণ্য ব্যক্তিসকলৰ পথেৰে আগবাঢ়িবলৈ পাই মই গৰ্ব বোধ কৰিছো। সাংসদ হিচাবে মই পূৰ্বে কেবাবাৰো ৰাষ্ট্ৰপতি ভৱন আহি বিভিন্ন বিষয়ত আলোচনা কৰিছো৷ কিছুমান আলোচনাত সফল হৈছিলো, কিছুমান হোৱা নাছিল৷ কিন্তু প্ৰতিবাৰে ইয়াত সাৰ্থক আলোচনা কৰিছিলো৷ আজি ইয়াত আহি মোৰ পুৰণা স্মৃতি পুনৰ জীৱিত হৈছে৷ আমি আমাৰ সকলো সমস্যা আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব৷ ডিজিটেল ৰাষ্ট্ৰক আমি আগুৱাই নিম৷ চৰকাৰে অকলে উন্নয়ন কৰিব নোৱাৰে, ইয়াৰ কাৰণে আমি সকলো একত্ৰিত হ’ব লাগিব৷ দেশৰ নাগৰিকে গ্ৰাম পঞ্চায়তৰ পৰা সংসদলৈ নিজৰ প্ৰতিনিধি নিৰ্বাচিত কৰে৷ আমি জনতাৰ আশা-আকাঙ্খা পূৰ্ণ কৰিব লাগিব৷ বৰ্তমান সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত, গতিকে আমাৰ দ্বায়িত্ব বৃদ্ধি পাইছে৷ আমি দ্ৰুতগতিত বিকাশিত হ’ব পৰা অৰ্থব্যৱস্থা, শিক্ষিত সমাজৰ গঠন কৰিব লাগিব৷ যাৰ কল্পনা মহাত্মা গান্ধী আৰু দীনদয়াল উপাধ্যায়ে কৰিছিল৷ আমাৰ দেশৰ সংস্কৃতি, পৰম্পৰা আৰু আধ্যাত্মিকতাৰ ওপৰত আমি গৰ্ব কৰো৷ ভাৰতৰ বিবিধতা, কৰ্তব্য আৰু ভাৰতৰ নাগৰিকৰ ওপৰত আমি গৰ্ব কৰো৷ দেশৰ প্ৰতিজন নাগৰিকে একো একোজন ৰাষ্ট্ৰ নিৰ্মাতা৷ সৈনিক, কৃষক, বিজ্ঞানী, ডাক্টৰ, নাৰ্ছ, ছাত্ৰ প্ৰতিজনেই ৰাষ্ট্ৰ নিৰ্মাতা৷ ঘৰ আৰু বাহিৰত কাম কৰা প্ৰতিগৰাকী মহিলা ৰাষ্ট্ৰ নিৰ্মাতা৷ তেওঁ সংবিধান প্ৰণেতা বাবা চাহেব আম্বেদকাৰক সুঁৱৰি কয় যে, ডাঃ আম্বেদকাৰেও কৈছিল কেৱল স্বাধীনতাই যথেষ্ট নহয়, সামাজিক, আৰ্থিক স্বাধীনতাৰো প্ৰয়োজন৷ নৱ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই লগতে কয় যে, বিবিধতাই দেশৰ উন্নয়নৰ মূলমন্ত্ৰ, দেশৰ উন্নয়নৰ মূলমন্ত্ৰ বিবিধতা, আমি বেলেগ হয় কিন্তু আমি এক হয়৷ আমি প্ৰাচীন জ্ঞান আৰু সমকালীন বিজ্ঞানক একেলগে আগুৱাই নিৱ লাগিব৷ আমি এনে এখন সমাজ নিৰ্মাণ কৰিব লাগিব যাৰ সপোন মহাত্মা গান্ধীয়ে দেখিছিল৷ যাতে সমগ্ৰ বিশ্ব ভাৰতৰ পৰম্পৰা আৰু আধুনিকতাৰ প্ৰতি আকৰ্ষিত হয়৷ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিল, কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, লোকসভাৰ অধ্যক্ষ সুমিতা মহাজনৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিতি থাকে৷ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণৰ পূৰ্বে ৰামনাথ কোৱিন্দই জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাটলৈ যায়৷