বৰপেটা, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জিৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয় আৰু ‘ডি’ ভোটাৰৰ নামত হাৰাশাস্তি খোৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ হৈ মহামান্য উচ্চ ন্যায়ালয়ত বিনামূলীয়াকৈ যুজঁ দিব বিশিষ্ট উপন্যাসিক,লেখক, আইনজীৱি তথা বিজেপি দলৰ টিকট প্ৰত্যাশী শ্বহীদুল ইছলামে।

যেতিয়ালৈকে এজনো প্ৰকৃত ভাৰতীয় নাগৰিক বাদ পৰি থাকিব তেতিয়ালৈকে সুখী নহয় বুলি মন্তব্য কৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্বহীদুল ইছলামে। ভাৰত ৰত্ন ড০ভূপেন হাজৰিকা বৰলুইত বঁটাপ্ৰাপ্ত বিশিষ্ট উপন্যাসিক,লেখক, আইনজীৱি তথা বিজেপি দলৰ টিকট প্ৰত্যাশী শ্বহীদুল ইছলামে কলগাছিয়াৰ চেনিমাৰীত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ কৰ্মকৰ্তাৰ দ্বাৰা ৰাজহুৱা সম্বৰ্ধনা কৰাৰ পিছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এই মন্তব্য কৰাৰ লগতে জনীয়াবাসীক ধন্যবাদো জ্ঞাপন কৰে।

আনহাতে জনীয়া সমষ্টিত বানপানীৰ বাবে দুবাৰকৈ মুখ্যমন্ত্ৰীৰ সভা বাতিল হৈছে যদিও ১০-১৫ দিনৰ ভিতৰত মুখ্যমন্ত্ৰীৰ সভা অনুষ্ঠিত হব আৰু এই সভাত জনীয়া সমষ্টিৰ ৯০% (শতাংশ) সংখ্যালঘু মানুহ বিজেপিত যোগদান কৰিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপিৰ নেতা গৰাকীয়ে।