জনীয়া, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ : শিক্ষক দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান জনীয়াস্থিত আমৰদ্বীপ একাডেমি ছাত্ৰ-ছাত্ৰীয়ে জাক-জমকতাৰে শিক্ষক দিৱস পালন কৰে। ছাত্র-ছাত্ৰীয়ে আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই।

ছাত্র-ছাত্ৰীয়ে বেনাৰ-প্লে কাৰ্ড হাতত লৈ ল’ৰা-ছোৱালীক স্কুলত দিয়ক, সৰ্বপল্লী ৰাধাকৃষ্ণন জয় হো, শিক্ষক দিৱস অমৰ হওঁক, শিক্ষক সকলক সন্মন কৰক, আমৰদ্বীপ একাডেমি জয় হো, শিক্ষক সকলক সন্মান কৰক, শিক্ষক সকল সমাজ সংস্কৰক, শিক্ষাই জ্ঞান জ্ঞানেই শক্তি, আদি বিভিন্ন ধৰণৰ শিক্ষা মূলক শ্লোগান দিয়ে।

ইয়াৰ সমান্তৰালকৈ জাহোৰপামস্তিত ব্যক্তিগত খণ্ডৰ শিক্ষা অনুষ্ঠান ওয়াইজডম একাডেমিৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ উদ্যোগতো শিক্ষক দিৱস পালন কৰা হয়। একাডেমি খনৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীয়ে যঁচা সন্মানত ওয়াইজডম একাডেমিৰ শিক্ষক সকল আল্পুত হৈ পৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।