আজিজ আলী

মুকালমুৱা ‌ 

১৯ জুলাই

নলবাৰী জিলাৰ বৰক্ষেত্ৰীত বান পৰিস্থিতিৰ বুজ ল’লে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত নতুনকৈ জন্মলাভ কৰা আঞ্চলিক গণ মৰ্চাৰ সজাতি দল। বৰক্ষেত্ৰীৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল ভ্ৰমণ কৰে সজাতি দলটিয়ে। প্ৰতিকুল বতৰকো নেওচি সজাতি দলটিয়ে পৰিদৰ্শন কৰে বৰক্ষেত্ৰীৰ বানাক্ৰান্ত অঞ্চল৷

উজনিৰ পৰা নামনিলৈকে ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰকে ধৰি সৰু-বৰ নৈ-উপনৈ সমূহৰ জলস্তৰ বৃদ্ধি পোৱাত বাঢ়নী পানীৰ তলত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল। বানৰ কবলত পৰা লাখ লাখ লোক ঘৰ এৰি ওখ ঠাইত বাধ্য হৈ আশ্ৰয় লবলৈ। ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলতো বানপানীয়ে সৃষ্টি কৰিছে বিভীষিকাৰ। দেওবাৰে জিলাখনৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আদাবাৰী, ঘোগা, লাউপাৰা, বামুনবড়ী, লাৰকুছি আদি অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত নতুনকৈ জন্মলাভ কৰা আঞ্চলিক গণ মৰ্চাৰ সজাতি দল।

বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ অন্তত মুকালমুৱা গড়কপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাত সংবাদ মাধ্যমক সম্বোধন কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় “বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰ দুৰ্দশাৰ ছৱিয়ে কষ্ট দিছে। বানপানী একাংশৰ বাবে এতিয়া ডাঙৰ আশীৰ্বাদ, কিয়নো বানপানীৰ বাবে একাংশ বিষয়াৰ সুবিধা হয় দুৰ্নীতি কৰাৰ ক্ষেত্ৰত’। ৰাজ্যৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে জনপ্ৰতিনিধি, আমোলা-বিষয়াই কৰি অহা দুৰ্নীতিয়ে উদ্দিগ্ন কৰি তোলা বুলিও মন্তব্য প্ৰকাশ কৰে সাংসদ গৰাকীয়ে৷ বৰক্ষেত্ৰীৰ ক্ষেত্ৰতো দুৰ্নীতিৰ সেই একেই ছৱি দেখিবলৈ পোৱা যায়, মুকালমুৱাত প্ৰায় ৮ কৌটি টকীয়া মথাউৰি নিৰ্মানৰ নামতো ব্যায়াগোম দুৰ্ণীতি সংঘটিত হোৱা বুলিও সংবাদমেলত মন্তব্য কৰে সাংসদ অজিত কুমাৰ ভূঞাই৷

শাসকীয় দল বিজেপিক আক্ৰমণ কৰি অজিত কুমাৰ ভূঞাই কয় যে, বিজেপিক যিকোনো প্ৰকাৰে বিধানসভা নিৰ্বাচনত ৰুধিব লাগিব। বিজেপিয়ে সংবিধানৰ অৱমাননা কৰিছে৷ বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি অৱসান ঘটোৱাৰ বাবে আঞ্চলিক গণ মৰ্চাই অসমৰ সকলো বিৰোধী দলক লগত লৈ বিধানসভা নিৰ্বাচনত নামিব বুলিও মন্তব্য প্ৰকাশ কৰে ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে।

অজিত কুমাৰ ভূঞাৰ লগতে আঞ্চলিক গণ মৰ্চাৰ সজাতি দলটোত উপস্থিত থাকে বিশিষ্ট বুদ্ধিজীবী অদীপ কুমাৰ ফুকন, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, জাতীয়তাবাদী নেতা লাচিত বৰদলৈ, বিশিষ্ট আইনজ্ঞ শান্তনু বৰঠাকুৰ, অধিবক্তা কমল নাৰায়ণ চৌধুৰীসহ ভালেকেইজন ব্যক্তি৷ ইফালে দেওবাৰে বৰক্ষেত্ৰীত উপস্থিত হোৱাত ৰাইজে বিপুল আদৰণি জনাই গণ মৰ্চাৰ সজাতি দলটোৰ সদস্য সকলক৷ অজিত ভূঞা জিন্দাবাদ, “কা”আমি নামানো, জয় আই অসম ধ্বনিৰে সমৰ্থক সকলে বৰক্ষেত্ৰীৰ আকাশ-বতাহ উত্তাল কৰি তোলে।