আনিছুৰ আলী

গৌৰীপুৰ

১৯ জুলাই

কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝোৰাৰ এবিআমছুৰ ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীক বহিস্কাৰ কৰাৰ দাবীত পৰ্বতঝোৰাত উওপ্ত পৰিস্থিতি । ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলী বিভিন্নজনৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপিত কৰি ব্যহিস্কাৰ দাবী।

বি টি এ ডিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত পৰ্বতঝোৰাৰ এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীক বহিস্কাৰ কৰাৰ দাবী তুলি দেওবাৰে ৰাইজে উওপ্ত কৰি তোলে পৰ্বতঝোৰাৰ মদাতী৷ ছিদিক আলীয়ে এবিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বভাৰ লাভ কৰি পৰ্বতঝোৰাত ধনদাবী কৰি অহাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে৷ ছিদ্দিক আলীয়ে সংগঠনৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত স্থানীয় ৰাইজে জাঙুৰ খাই উঠিছে৷ দেওবাৰে পৰ্বতঝোৰাৰ মদাতীৰ ৰাইজে এবিএমছুৰ নামত ধাৰাবাহিক ভাৱে বিভিন্নজনৰ ওচৰত ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীয়ে ধনদাবী কৰি সংগঠনটোক কলংকিত কৰা হৈছে বুলি সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে৷ এবিএমছু সংগঠনটো বি টি এ ডিত এক শক্তিশালী সংগঠন আৰু এবিএমছুৰ বি টি এ ডিত যতেষ্ট অৱদান আছে সেইহে সংগঠনটোক কলংকিত কৰাত ছিদ্দিক আলী উঠি পৰি লাগিছে বুলিও ৰাইজে অভিযোগৰ কৰি ছিদ্দিক অলীক অতি শীঘ্ৰে সংগঠনৰ পৰা বহিস্কাৰ কৰিব লাগে বুলিও দাবী জনায়। এ বিএমছুৰ ভাৰপ্ৰাপ্ত সভাপতি ছিদ্দিক আলীকে এবিএমছুৰ পৰা কেৱল বহিস্কাৰে নহয় তেওঁৰ বিৰুদ্ধে আইনগতভাৱে ব্যবস্থা ল’ব লাগে বুলিও ৰাইজে দাবী উত্থাপন কৰে৷

এবিএমছুৰ ভূতপূৰ্ব কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলামে বিভিন্ন সময়ত দুৰ্নীতি, অন্যায়, অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি আহিছিল যাৰ পৰিপেক্ষিতত লাফিকুল ইছলামক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।এবিএমছুক কলংকিত কৰিবলৈ এক কুটিল ৰাজনীতি চলিছে বুলিও প্ৰতিবাদকাৰী ৰাইজে সন্দেহ প্ৰকাশ কৰে।