তেজপুৰ, সংবাদ ৩৬৫, ১৭ অক্টোবৰ : বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ জামুগুৰুিত এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে তেজপুৰৰ বিহিয়াগাঁও চাপৰিৰ পৰা পাঁচ মাইলস্থিত সাপ্তাহিক বজাৰলৈ যাত্ৰাৰ পথত জীয়াভৰালী নৈৰ মাজত হঠাতে ডুব যায় এখন নাও। নৈৰ মাজতে দুৰ্ঘটনা সংঘটিত হোৱাত নাওখনত থকা যাত্ৰী সকল নৈৰ বুকুত সন্ধানহীন হৈ পৰে যদিও বহু যাত্ৰী সাঁতোৰি পাৰলৈ উঠি আহে। দুর্ঘটনৰ খবৰ পাই এছ ডি আৰ এফৰ বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই দুগৰাকী মহিলাক উদ্ধাৰ কৰে। নাওখনত থকা সকলো যাত্ৰী সুৰক্ষিত থকা জানিব পৰা গৈছে যদিও এজন ব্যক্তি বৰ্তমানেও সন্ধানহীন হৈ আছে। অধিক যাত্ৰী উঠাৰ ফলতে দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। দুৰ্ঘটনাত নাওখনত থকা ছখনকৈ বাইক নৈৰ পানীত বুৰ যোৱা বুলিও জানিব পৰা গৈছে।

নাও দুর্ঘটনৰ ভয়াবহ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ তলৰ লিংকটো ক্লিক কৰক :