গুৱাহাটী : যোৱা ২২ নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰ্কিডিং থানাৰ অন্তৰ্গত মুক্ৰ’ত মেঘালয়ৰ আক্ৰমণকাৰীৰ হাতত নিহত হোৱা অসমৰ বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেৰ বাসভৱনত শুকুৰবাৰে অসম জাতীয় পৰিষদৰ (Assam Jatiya Parishad) সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত এটা প্ৰতিনিধিৰ দল উপস্থিত হৈ নিহত জোৱানগৰাকীলৈ শেষ শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে জোৱানগৰাকীৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। প্ৰতিনিধিৰ দলটোত সভাপতিগৰাকীৰ লগতে সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য্য, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনৰ কেইবাগৰাকী নেতা তথা নগাঁও আৰু হোজাই জিলাৰ কেইবাগৰাকী নেতা আছিল।

প্ৰতিনিধি দলটোৱে প্ৰয়াত বিদ্যাছিং লেকথেৰ পৈত্ৰিক গাঁও জালুকলাংটেং লেকথে গাঁৱত উপস্থিত হৈ প্ৰয়াত বিদ্যাছিং লেকথেৰ পৰিয়ালবৰ্গৰ লগতে বন বিভাগ আৰু অসম আৰক্ষীৰ কিছু সংখ্যক বিষয়া-কৰ্মীৰ লগতে অঞ্চলটোৰ কিছু সংখ্যক নাগৰিকৰ সৈতেও বাৰ্তালাপ কৰে আৰু জিলাখনৰ উন্নয়ন, সীমা সমস্যা, জনগোষ্ঠীয় বিষয় আদিৰ বুজ লয়। শনিবাৰে অসম জাতীয় পৰিষদে এক সংবাদমেল অনুষ্ঠিত কৰি সীমান্তত সংঘটিত হোৱা হিংসাত্মক ঘটনাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সংবাদমেল সম্বোধন কৰি অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই কয় “কাৰ্বি আংলং অসমৰ এটা গুৰুত্বপূৰ্ণ এলেকা। কাৰ্বি জনগোষ্ঠী অসমীয়া জাতিৰে এটা গুৰুত্বপূৰ্ণ অংগ। জনজাতীয় এই দুই জিলাৰ উন্নয়নৰ বাবেই মূলতঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদখন গঠন কৰা হৈছিল। এই পৰিষদখনলৈ বছৰি অকল ৰাজ্য চৰকাৰৰ পৰাই বিভিন্ন উন্নয়ন শিতানত পাঁচশ কোটিতকৈ অধিক টকা আৱন্টন কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা জনজাতি কল্যাণ শিতানত তাতোকৈ অধিক ধন পোনপটীয়াকৈ আৱন্টিত হয়। বছৰি এহাজাৰ কোটিতকৈ অধিক টকা পৰিষদখনে উন্নয়ন শিতানত লাভ কৰে। কিন্তু কাৰ্বি আংলংত বাস্তৱত উন্নয়নৰ কোনো চিন-ছাবেই নাই। জিলাখনৰ ৰাস্তা-ঘাটৰ অৱস্থা দুখলগাকৈ বেয়া। খোৱাপানী, স্বাস্থ্য, শিক্ষা আদি ক্ষেত্ৰত উদ্বেগজনকভাৱে পিছপৰা। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদাসীনতা লক্ষ্যণীয়।”

কাৰ্বি আংলং জিলা দুখন বনজ, খনিজ আৰু ভূ-সম্পত্তিৰ ওপৰত অবাধ হাৰত লুণ্ঠন চলিছে৷ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে লুণ্ঠন প্ৰক্ৰিয়াত পৃষ্ঠপোষকতা আগবঢ়াই অহাৰ ছবিখন স্পষ্ট। কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু তেওঁৰ অনুগত পাৰিষদ-বিষয়াবৰ্গক সন্মুখত ৰাখি দিছপুৰৰ পৃষ্ঠপোষকতাত উক্ত লুণ্ঠন প্ৰক্ৰিয়া চলা বিষয়টো কাৰ্বি ৰাইজে বৰ অসহায়ভাৱে প্ৰত্যক্ষ কৰিবলগীয়া হৈছে বুলিও কয় জগদীশ ভূঞাই। যোৱা ২২ নৱেম্বৰৰ দিনা মুক্ৰ’ গাঁৱত সংঘটিত ঘটনাটো য’ত বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেই প্ৰাণ দিবলগা হৈছিল, উক্ত লুণ্ঠনৰ জ্বলন্ত উদাহৰণ বুলি সংবাদমেলত মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই। অসম জাতীয় পৰিষদৰ প্ৰতিনিধি দলটোৰ আগত বন বিভাগৰ কৰ্মী, আৰক্ষীৰ লোক আৰু স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, সেইদিনা বন সুৰক্ষা কৰ্মী আৰু অসম আৰক্ষীৰ লোকে অসম-মেঘালয় সীমান্তৰ পৰা প্ৰায় চাৰি কিলোমিটাৰ অসমৰ ভিতৰত অৱস্থিত মুক্ৰ’ গাঁৱত মেঘালয়ৰ পৰা অহা বনদস্যুৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে উক্ত ঘটনা সংঘটিত হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে।

সীমান্তত অসমৰ ভূমিত বিগত কিছু বছৰ ধৰি মেঘালয়ৰ লোকে প্ৰৱেশ কৰি অবৈধভাৱে ঘৰ-বাৰী বনাই, সেই ঘৰসমূহত মেঘালয়ৰ পৰা বিজুলী সংযোগ দিয়াৰ লগতে বাট-পথ নিৰ্মাণ, স্কুল-গীৰ্জা আদি স্থাপন কৰি, তাত ‘কন্ষ্ট্ৰাকটেড বাই গভ্ট অৱ মেঘালয়’ লিখা ফলক লগাই, সেই অঞ্চলসমূহ মেঘালয়ৰ বুলি দাবী সাব্যস্ত কৰি আহিছে। কিন্তু এই ক্ষেত্ৰত ওপৰৰ পৰা পোৱা বাধাৰ বাবে আৰক্ষী আৰু বন বিভাগে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। অসমৰ ভূমি আৰু বনজ সম্পদ সুৰক্ষিত কৰাৰ কামত নিয়োজিত আৰক্ষী আৰু বন বিভাগৰ লোকৰ ওচৰত প্ৰতিৰক্ষাৰ সামগ্ৰীতো বাদেই, নিজে স্বাস্থ্যসন্মতভাৱে জীয়াই থকাৰ ন্যূনতম সুবিধাখিনিৰো অভাৱ। সীমান্ত পহৰা চকীসমূহ আৰু বন সুৰক্ষা চকীসমূহ মানুহ থকাৰ যোগ্যই নহয়৷ উক্ত চকীসমূহত বিজুলী সংযোগ নাই, খোৱা পানীৰ যোগান নাই, ঘৰবোৰো উঁৱলি যোৱা। এই বিষয়ে উৰ্ধতন কৰ্তৃপক্ষক আৰক্ষী আৰু বন সুৰক্ষী কৰ্মীসকলে সময়ে সময়ে অৱগত কৰি আহিছে যদিও চৰকাৰৰ ফালৰ পৰা একো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰি ক্ষোভ উজাৰে জগদীশ ভূঞাই।

মেঘালয়ৰ বনদস্যুৱে বন বিভাগ তথা আৰক্ষীৰ লোকৰ চকুৰ আগতে গছ কাটি ট্ৰাক বোজাই কৰি লৈ যায় যদিও নগন্য শক্তিৰে বনদস্যুক প্ৰতিহত কৰাৰ সাহস গোটাব নোৱাৰে। বন বিভাগৰ লোকে বনদস্যুক খেদিবলৈ বা ধৰিবলৈ গ’লে তেওঁলোকে ওলোটাই অস্ত্ৰ-শস্ত্ৰ দেখুৱাই বন সুৰক্ষা কৰ্মীক উভোতাই পঠিয়ায়। এনেকৈ বন কৰ্মী তথা আৰক্ষীক বনদস্যুৱে আক্ৰমণ কৰিবলৈ অহা ঘটনাৰ কেইবাটাও গোচৰ জিৰকিডিং থানাত পঞ্জীয়নভূক্ত হৈ আছে বুলিও তেওঁ কয়।উল্লেখযোগ্য যে যোৱা ২২ নৱেম্বৰৰ ঘটনাটোত বন সুৰক্ষা কৰ্মী বিদ্যাছিং লেকথেক প্ৰথমে দাৰে আৰু পিছত গুলীয়াই মেঘালয়ৰ লোকে হত্যা কৰাৰ পিছত আক্ৰমণমুখী লোকসকলক বাধা দিবলৈ আত্মৰক্ষাৰ বাবে অসম আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল। ঘটনাটো সংঘটিত হৈছিল অসমৰ মাটিত, সীমান্তৰ পৰা প্ৰায় ৪ কিলোমিটাৰ ভিতৰত। কিন্তু দুৰ্ভাগ্যজনকভাৱে অসম চৰকাৰে কৰ্তব্য পালনত গৈ দুষ্কৃতিকাৰীৰ আক্ৰমণৰ মুখত পৰা অসম আৰক্ষী আৰু বন বিভাগৰ লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰণ কৰাৰ উপৰি অসমৰ মুখ্যমন্ত্ৰীয়ে “ইমান গুলী চলাব নালাগিছিল” আৰু অসম আৰক্ষীৰ গুলী চালনা “অপ্ৰৰোচিত” আছিল বুলি মন্তব্য প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীৰ বক্তব্যই আৰক্ষী আৰু বন বিভাগক নিৰোৎসাহিত কৰাই নহয়, বন দস্যুসকলৰ বন ধ্বংস কাৰ্য প্ৰতি ৰাজ্য চৰকাৰৰ সমৰ্থন থকাৰ কথা বুজাই দিলে৷ এয়া দুৰ্ভাগ্যজনক বুলি কয় জগদীশ ভূঞাই।

অসম জাতীয় পৰিষদৰ মতে, তুলিৰাম ৰংহাং আৰু তেওঁৰ অনুগতসকলৰ জৰিয়তে, দিছপুৰৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলংৰ দুয়োখন জিলাত বনজ, খনিজ আৰু ভূ-সম্পত্তিৰ অবাধ লুণ্ঠন চলি আহিছে। দ্বিতীয়তে বহিঃ ৰাজ্যৰ আগ্ৰাসী শক্তিৰ প্ৰতি সদয় মনোভাৱ গ্ৰহণ কৰি ৰাজ্যৰ বিজেপি চৰকাৰে অসমৰ স্বাৰ্থৰ বিপৰীতে কাম কৰি আছে। অসমৰ বনজ, খনিজ আৰু ভূ-সম্পত্তিৰ প্ৰতি লুলুপ দৃষ্টি ৰখা শক্তিসমূহৰ সৈতে ৰাজ্য চৰকাৰৰ কি সম্পৰ্ক, সেয়া মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰা উচিত বুলি অসম জাতীয় পৰিষদে অনুভৱ কৰে। আনহাতে, জাতি, মাটি আৰু ভেটি সুৰক্ষাৰ আশ্বাসেৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে অসমৰ সকলো জনগোষ্ঠী সমন্বিতে বৃহত্তৰ অসমীয়া জাতিটোৰ খনিজ, বনজ আৰু ভূ-সম্পত্তি ৰক্ষা কৰিব নোৱাৰাটো স্পষ্ট হৈছে। ফলত তেওঁলোকৰ জাতি-মাটি-ভেটি সুৰক্ষাৰ শ্ল’গানো আভুৱাত পৰিণত হ’ল। এনে অৱস্থাত বিজেপি চৰকাৰখনে ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি স্বইচ্ছাই ক্ষমতা ত্যাগ কৰা উচিত বুলি অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই কয়।