বৈঠালংছু : মেঘালয়ৰ দুষ্কৃতিকাৰীৰ হাতত তিনিদিন পূৰ্বে নিহত হোৱা অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ বনৰক্ষী জোৱান বিদ্যাচিং লেকথেৰ বাসভৱনত শুকুৰবাৰে সদলবলে উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ (Lurinjyoti Gogoi)। বৈঠালাংছু নগৰৰ পৰা পাহাৰীয়া পথেৰে প্ৰায় ২৫ কিলো মিটাৰ দূৰত্বত, কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ দিশত অৱস্থিত জালুক লেংটেং লেকথে গাঁৱত পুৱাৰ ভাগত বনকৰ্মীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়।

বৃহস্পতিবাৰে বনকৰ্মীগৰাকীৰ মৃতদেহ মেঘালয়ৰ পৰা আনি পৰিয়ালৰ লোকক চমজাই দিছিল প্ৰশাসনে। শুকুৰবাৰে লুৰীণজ্যোতি গগৈয়ে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক ৰাজীৱ ভট্টাচাৰ্য আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানসহ এটা বৃহৎ প্ৰতিনিধি দলৰ সৈতে প্ৰয়াত বনকৰ্মী বিদ্যাচিং লেকথেৰ বাসগৃহত উপস্থিত হয় আৰু পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা প্ৰকাশ কৰে। আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয়, “মানুহৰ জীৱন মূল্যবান, সেয়া লাগিলে যাৰে নহওক কিয়। বিদ্যাচিং লেকথেৰ অনাকাঙ্খিত মৃত্যু দুখজনক৷ এই মুহূৰ্তত পৰিয়ালৰ লোকসকল দুখত আছে। আমি তেখেতসকলৰ কাষত থিয় দিবলৈ আহিছো৷ কেতিয়াবা মুখৰ এশাৰী মাতেও শোকগ্ৰস্ত মানুহক সাহস যোগায়।”

লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে অসমৰ বনজ সম্পদ আৰু মাটি সংৰক্ষিত কৰিবলৈ গৈ বিদ্যাচিং লেকথেৰে প্ৰাণ দিবলগীয়া হ’ল। এনে অন্যায় সহা বিদ্যাচিং লেকথেৰ পৰিয়ালৰ কাষত অসমৰ মুখ্যমন্ত্ৰী আহি থিয় দিব লাগিছিল। মুখ্যমন্ত্ৰীয়ে নোৱাৰিলেও চৰকাৰী প্ৰতিনিধি হিচাপে এগৰাকী মন্ত্ৰীক হ’লেও বিদ্যাচিং লেকথেৰ অন্তেষ্টিক্ৰিয়ালৈ পঠিয়াব লাগিছিল। অসমৰ মাটিত অসমৰ সম্পদ ৰক্ষা কৰিবলৈ বিদ্যাচিং লেকথেৰে প্ৰাণ দিলে আৰু আন দুজন বনকৰ্মী আহত হ’ল। কিন্তু অসম চৰকাৰে সেই বনজ সম্পদ ৰক্ষা কৰা অভিযানলৈ যোৱাসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা ল’লে। আনহাতে মেঘালয়ৰ মানুহে অসমৰ বনজ সম্পদ অবৈধভাৱে নিবলৈ অসমৰ মাটিত প্ৰৱেশ কৰিলে, অসমৰ মাটিতে অসমৰ আৰক্ষী আৰু বনকৰ্মীক আক্ৰমণ কৰিলে, হত্যা কৰিলে বুলি কয় অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে।

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আক্ৰমণ কৰিবলৈ আহি মৃত্যুমুখত পৰা মেঘালয়ৰ দুস্কৃতিকাৰীকেইজনৰ ঘৰলৈ গ’ল, নিজ চৰকাৰৰ পৰা ক্ষতিপূৰণ দিলে, অসম চৰকাৰৰ পৰাও ৫ লাখকৈ টকা ক্ষতিপূৰণ আদায়ো কৰোৱালে। তেওঁলোকে নিজপৰ জাতি, নিজৰ মানুহৰ প্ৰতি থকা ভালপোৱা এনেদৰেই প্ৰকাশ কৰিলে। কিন্তু আমাৰ চৰকাৰে আমাৰ মৃত্যুমখত পৰা বনকৰ্মীৰ খবৰ লবলৈ নাহিল, ওলোটাই আৰক্ষী আৰু বনকৰ্মীৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে। এয়া আমাৰ চৰকাৰৰ জাতিপ্ৰেম৷ নিজৰ মানুহকে সুৰক্ষা দিয়াৰ সাহস নাই মুখ্যমন্ত্ৰীৰ বুলি মন্তব্য কৰে লুৰীণজ্যোতি গগৈয়ে। নিহত বিদ্যাচিং লেকথেৰ পৰিয়ালৰ কোনোবা এজনক চৰকাৰী চাকৰিত নিযুক্ত কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ গগৈয়ে আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে।