গুৱাহাটী :  অসমৰ সৰ্ববৃহৎ ডেইৰী কোপাৰেটিভ পূৰবী ডেইৰীয়ে ২৬ নৱেম্বৰত “ভাৰতৰ শ্বেত বিপ্লৱৰ পিতৃ’’, “ভাৰতৰ দুগ্ধমানৱ হিচাপে খ্যাত” ড০ ভাৰ্গিছ কুৰিয়েনৰ ১০১ সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় দুগ্ধ দিৱস উদযাপন (National Milk Day) কৰে। পূৰবী ডেইৰী নামেৰে খ্যাত ৱেষ্ট আছাম মিল্ক্‌ প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ উদ্যোগত আয়োজিত দুগ্ধ দিৱসত ড০ ভাৰ্গিছ কুৰিয়েনৰ কৰ্মৰাজিক স্বীকৃতি প্ৰদান কৰা হয়।

এই অনুষ্ঠানটোৱে দুগ্ধ পালনৰ সৈতে জড়িত লোকসকলৰ বাবে চিন্তা আৰু অভিজ্ঞতা বিনিময়ৰ এক মঞ্চ প্ৰদান কৰে। অনুষ্ঠানৰ সময়ত ৱেষ্ট আছাম মিল্ক্‌ প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ পৰিচালন সঞ্চালক সত্য ব্ৰত বসুৱে অসমৰ কৃষকৰ মাজত উপাৰ্জনৰ উৎস হিচাপে দুগ্ধজাত সামগ্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা সম্পৰ্কে আলোচনা কৰে। বিগত বছৰসমূহত ৱেষ্ট আছাম মিল্ক্‌ প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেডে নিজৰ সন্মানীয় গ্ৰাহকসকলক গুণগত মানদণ্ডৰ সামগ্ৰী যোগান ধৰাৰ উপৰিও সংস্থাটোৰ সৈতে জড়িত দুগ্ধ পালকসকলক বছৰেকীয়া ভিত্তিত এখন বজাৰ নিশ্চিত কৰাৰ ক্ষেত্ৰত যথেষ্ট উন্নতি সাধন কৰিছে।

“যোৱা বছৰসমূহত আমি গাখীৰ উৎপাদন আৰু ক্ৰয় বৃদ্ধি হোৱা দেখিছো। চৰকাৰ, এন ডি ডি বি আৰু অন্যান্য সংশ্লিষ্ট সংস্থাসমূহৰ প্ৰচেষ্টাৰ বাবে দুগ্ধ পালকসকলে যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হৈছে। গাখীৰ মূল্য বিন্যাসটো যথেষ্ট উৰ্ধ্বমূখী হোৱা বাবেই আমি সকলোৱে লাভৱান হ’বলৈ সক্ষম হৈছো। সময়ানুৱৰ্তী হস্তক্ষেপৰ ফলত আমাৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী হৈছে আৰু ইয়াৰ দ্বাৰা কৃষকসকল উপকৃত হৈছে।” ৱেষ্ট আছাম মিল্ক্‌ প্ৰডিউচাৰ্চ কোপাৰেটিভ ইউনিয়ন লিমিটেডৰ পৰিচালন সঞ্চালক সত্য ব্ৰতা বসুৱে কয়।

এতিয়া সুপ্ৰতিষ্ঠিত এই দুগ্ধ উৎপাদন ব্যৱস্থাই পুষ্টিৰ লগতে জীৱিকাৰ বাবেও আগবাঢ়ি আহিছে। ড° ভাৰ্গিছ কুৰিয়েনৰ ভাষাত, “আমি এক সৰল সত্য প্ৰমাণ কৰি দেখুৱাইছো, যদি আপুনি বিকাশৰ চাবি-কাঠি সেইসকলৰ হাতত তুলি দিয়ে যিসকলে উন্নয়নৰ ওপৰত নিৰ্ভৰশীল সম্পদ সৃষ্টিৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত আৰু যদি আপুনি আমাৰ কৃষকসকলৰ জ্ঞান, শক্তি আৰু মৌলিক জ্ঞানক পেছাদাৰী সকলৰ দক্ষতাৰ সৈতে একত্ৰিত কৰে তেন্তে এনে একো নাই যিটো আমি লাভ কৰিব নোৱাৰোঁ।” বুলিও তেওঁ কয়।