গুৱাহাটী, ২২ জুলাই, ২০২৩ : মণিপুৰত সংঘটিত হোৱা নাৰকীয় নাৰী নিগ্ৰহৰ (Manipur Viral Video) শেহতীয়া ঘটনাটোৰ প্ৰসংগত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অন্য ৰাজ্যতো অনুৰূপ ঘটনা সংঘটিত হৈ আছে বুলি মন্তব্য প্ৰকাশ কৰি মণিপুৰৰ উক্ত ঘটনাটোক ন্যায্যতা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদে। দলটোৱে মুখ্যমন্ত্ৰীৰ এনে মন্তব্য তীব্ৰ সমালোচনা কৰিছে।

দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে এক বিবৃতিত কয় যে অপৰাধ অপৰাধেই৷ সকলো অপৰাধ নিন্দনীয় আৰু অপৰাধীৰ বিচাৰ হ’বই লাগিব৷ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মণিপুৰৰ দুগৰাকী নাৰীৰ জঘন্য নিৰ্যাতনৰ ঘটনাত ৰাজ্যখনৰ বিজেপি চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ গৈ অন্য ৰাজ্যৰ নাৰী নিগ্ৰহৰ প্ৰসংগ টানি অনা কাৰ্য নিন্দনীয়৷

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰীয়ে এটা টুইটত এই বুলি কৈছিল যে মণিপুৰত সংঘটিত ঘটনাৰ বিচাৰ হ’বই৷ কিন্তু যিসকলে মণিপুৰৰ ঘটনাটোকে চকু নিবদ্ধ কৰি ৰাখিছে, তেওঁলোকে অন্য ৰাজ্যসমূহত সংঘটিত নাৰী নিগ্ৰহৰ ঘটনাসমূহৰ প্ৰতিও ধ্যান দিয়া উচিত৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আনকি অসমতো অনুৰূপ নাৰী নিগ্ৰহৰ ঘটনা সংঘটিত হৈ গৈছে বুলি নিজৰ টুইটত উল্লেখ কৰে৷ মুখ্যমন্ত্ৰীৰ উক্ত মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাতীয় পৰিষদৰ সভাপতি আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকে কয় যে অপৰাধ সংঘটিত হোৱাটো এটা বিষয় আৰু চৰকাৰে তাত পৃষ্ঠপোষকতা আগবঢ়োৱাটো অন্য বিষয়৷

যি কোনো ৰাজ্যত যিকোনো মানুহৰ দ্বাৰা অপৰাধ সংঘটিত হৈ যোৱাটো অস্বাভাৱিক নহয়৷ কিয়নো সকলো মানুহৰ লগত নিৰাপত্তা ৰক্ষী দিয়াটো সম্ভৱ নহয়৷ সেয়ে অপৰাধৰ পিছত সেই ৰাজ্যৰ আৰক্ষীৰ কি ভূমিকা সেয়া লক্ষ্য কৰা হয়৷ মণিপুৰৰ ঘটনাটো সন্দৰ্ভত দেখা গৈছে ঘটনা সংঘটিত হৈছে স্বয়ং আৰক্ষীৰ সন্মুখতে৷ আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীদ্বয়ক উন্মত্ত অপৰাধীৰ হাতত গতাই দিছে৷ তাৰ পিছত কোনো এজাহাৰো ৰুজো কৰা নাই৷ গোচৰ ৰুজু কৰিছে আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে ঘটনা সংঘটিত হোৱাৰ দুমাহৰ পিছত৷ ইয়াত দেখ দেখকৈ আৰক্ষীৰ পক্ষপাত দুষ্ট আচৰণ স্পষ্ট হৈছে৷

ভিডিঅ’টো ভাইৰেল নোহোৱা হ’লে আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলেহেতেন৷ স্বয়ং মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰিছে যে ঘটনা সংঘটিত হোৱাৰ পিছতে তেওঁ এই বিষয়ে জানিছে৷ তেনেহ’লে তেওঁ ব্যৱস্থা গ্ৰহণ নকৰিলে কিয়? কিয় কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আৰক্ষীৰ নিৰ্দেশ নিদিলে? ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে উক্ত ঘটনা চৰকাৰৰ পৃষ্ঠপোষকতাতে সংঘটিত হৈছে৷

লুৰীণ জ্যোতি গগৈ আৰু ৰাজু ফুকনে কয় যে ‘নেডা’ৰ আহ্বায়ক হিচাপে মণিপুৰৰ ঘটনাৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্বই নিজেও দায়িত্ব লব লাগিব৷ ‘নেডা’ৰ অংশীদাৰ চৰকাৰ এখনৰ ব্যৰ্থতাৰ দায়ভাৰৰ পৰা মুৰব্বী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব এৰাই চলিব নোৱাৰে৷ এনে প্ৰেক্ষাপটত মণিপুৰৰ উক্ত জঘন্য ঘটনাক তেওঁ নিন্দা জনাই ভৱিষ্যতে তেনে পৰিস্থিতি হ’বলৈ নিদিয়াৰ আশ্বাস দিব লাগিছিল৷ কিন্তু তাকে নকৰি তেওঁ চালেবেৰে কোবাই আচলতে মণিপুৰৰ ঘটনাটোকে ন্যায্যতাহে প্ৰদান কৰিছে৷ এয়া দুৰ্ভাগ্যজনক৷