গুৱাহাটী, ২৩ জুলাই, ২০২৩ : বিদ্যুৎৰ তাঁৰত লাগি পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু। এইবাৰ কাজিৰঙাত সংঘটিত হৈছে এই কৰুণ ঘটনা। দুদিন পূৰ্বে নগাঁওত দুটা বনৰীয়া হাতীৰ মৃত্যু হৈছিল বিদ্যুৎৰ তাঁৰত লাগি। বিদ্যুৎ পৰিবাহী তাঁৰৰ মৰণফান্দ পেলাই দুদিনৰ ভিতৰত ৰাজ্যত তিনিটাকৈ বনৰীয়া হাতীৰ হত্যা কৰা হৈছে (Three Wild Elephant Killed)।

পুনৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যুৰ মুখত পৰিছে এটা বনৰীয়া হাতী। এইবাৰ এই কৰুণ ঘটনা সংঘটিত হৈছে কাজিৰঙাৰ বৰজুৰিৰ ২ নং বস্তিত। জানিব পৰা মতে চুংকু মুণ্ডা নামৰ এজন লোকে বনৰীয়া হাতীৰ পৰা কঠিয়া ৰক্ষা কৰিবলৈ কঠিয়াতলি চৌদিশে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰ সংস্থাপন কৰিছিল। নিশা এই বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰত লাগি মৃত্যু হয় বনৰীয়া হাতীটোৰ।

ঘটনাৰ খবৰ পাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। মৃত বনৰীয়া হাতীটোৰ বয়স সাত বছৰ বুলি বন বিভাগে জানিবলৈ দিয়ে। বন বিভাগৰ লোকে বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰ সংস্থাপন কৰা চুংকু মুণ্ডাক গ্ৰেপ্তাৰ কৰিছে। বন বিভাগৰ লোকে চুংকু মুণ্ডাৰ ঘৰত তালাচি চলাই বুজন পৰিমাণৰ বিদ্যুৎৰ তাঁৰ উদ্ধাৰ কৰি জব্দ কৰিছে।

আনফালে শুকুৰবাৰে পুৱাৰ ভাগত নগাঁৱৰ কন্দলীৰ কুঁহিয়াৰতলীত দুটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ পাহাৰৰ নামনিত পুৱাৰ ভাগত স্থানীয় লোকে বনৰীয়া হাতী দুটাৰ মৃতদেহ প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া হাতী দুটাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে বনৰীয়া হাতী দুটাৰ মৃত্যুৰ কাৰণৰ তদন্ত চলাই শনিবাৰে এজন লোকক আটক কৰে।

বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ লক্ষণ মিৰ্ধা নামৰ এজন লোকে সংস্থাপন কৰিছিল বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰ। বনৰীয়া হাতীৰ পৰা খেতি ৰক্ষা কৰাৰ বাবে লক্ষণ মিৰ্ধাই সংস্থাপন কৰা বিদ্যুৎ পৰিবাহী তাঁৰৰ বেৰত লাগি বনৰীয়া হাতী দুটাৰ মৃত্যু হৈছিল। কঠিয়াতলী বন বিভাগৰ গোচৰৰ ভিত্তিত ননৈ আৰক্ষীয়ে লক্ষণ মিৰ্ধাক আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে৷ বন বিভাগে ঘটনাস্থলীৰ পৰা বিদ্যুত তাঁৰ জব্দ কৰিছে৷