জোনমণি বেগম
বিশ্বনাথ : চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ৰাজ্যজুৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। বিশ্বনাথতো অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। গুৱাহাটীত প্ৰতিবাদকাৰী সকলক আটক কৰিলে আৰক্ষীয়ে।

ৰাজ্য চৰকাৰে চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয় সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় ইংৰাজী ভাষাত পাঠদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। বিশ্বনাথ নগৰতো সংগঠনটোৱে তিনিঘণ্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাতো ক’ব আৰু লিখিব পৰাটো সংগঠনটোৱেও বিচাৰে যাতে ৰাজ্যখনৰ ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰোতে অথবা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসুবিধাৰ সন্মুখিন নহয়। কিন্ত প্ৰথমে হিন্দী আৰু বৰ্তমান ইংৰাজী ভাষাৰ বোজা জাপি দি অসমীয়া ভাষাটোলে সংকট নমাই অনাটোৰ তীব্ৰ বিৰোধিতা কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিশ্বনাথ জিলা সমিতিয়ে  চৰকাৰৰ এনে সিদ্ধান্তক তীব্ৰ গৰিহণা দি আৰু বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়।

সংগঠনটোৱে ইয়াৰ পৰিৱৰ্তে অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্ৰতিটো শ্ৰেণীৰ বিপৰীতে একোজনকৈ শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান নতুনকৈ প্ৰতিষ্ঠা কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবী জনাই তিনি ঘন্টীয়া গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। ৰাজ্যজুৰি সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপনায় কৰে যদিও গুৱাহাটী সংগঠনটোৰ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা প্ৰদান কৰি আটক কৰে।