যতীন নাথ
ওদালগুৰি : ৰাজ্যত দিনক দিনে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে হাতী আৰু মানুহৰ সংঘাত। ৰাজ্যৰ কেইবাখনো জিলাত বনাঞ্চল ধ্বংসৰ ফলত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছে। বিশেষকৈ গোৱালপাৰা জিলা আৰু ওদালগুৰি জিলাত প্ৰায় প্ৰতিদিনে দেখিবলৈ পোৱা যায় হাতী আৰু মানুহৰ সংঘাত। পুনৰ এই সংঘাতৰ ফলত প্ৰাণ হেৰুৱালে এটি শিশুসহ তিনিজনকৈ লোকে।

ওদালগুৰি জিলাত পুনৰ বনৰীয়া হাতী আৰু মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে। বনৰীয়া হাতীৰ আক্ৰমণত ওদালগুৰিত এটি শিশুসহ তিনিজনকৈ লোকৰ কৰুণ মৃত্যু ঘটিছে। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল প্ৰদেশ সীমান্তবর্তী কমলাবাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা। মঙলবাৰে নিশাৰ ভাগত বনৰীয়া হাতীৰ জাক এটাৰ আক্ৰমণত এটি শিশুসহ তিনিজনকৈ লোকৰ মৃত্যু হয়।

জানিব পৰা মতে মঙলবাৰে নিশা প্ৰায় ৯.৪০ মান বজাত খাদ্যৰ সন্ধানত অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বনৰীয়া হাতীৰ জাক এটা নামি আহি নবীন বড়ো নামৰ এজন লোকৰ ঘৰত আক্ৰমণ চলায়। বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণত নবীন বড়ো, নবীন বড়োৰ পত্নী জামিনি বড়ো আৰু তেওঁলোৰ ডেৰ বছৰীয়া শিশু হাদাংছা বড়োৰ মৃত্যু হয়। নবীন বড়োৰ ৭ বছৰীয়া কন্যা নিজৰা বড়ো বনৰীয়া হাতীৰ জাকটোৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে।

ঘটনাৰ খবৰ পাই মাজবাট আঞ্চলিক বন বিভাগৰ এটা দল আৰু মাজবাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মাৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি লৈ প্রেৰন কৰে। ঘটনা সন্দৰ্ভত নিখিল বড়ো ছাত্র সন্থাৰ মাজবাট আঞ্চলিক সমিতিয়ে গভীৰ শোক প্রকাশ কৰিছে। উল্লেখ্য যে দুদিন পূৰ্বে গোৱালপাৰা জিলাৰ লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত তিনিজনকৈ লোকৰ মৃত্যু হৈছিল।