গুৱাহাটী : অসমৰ দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ অংশগ্ৰহণেৰে জামচেদপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাৰিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ বুধবাৰে সামৰণি পৰে। অহা বৰ্ষৰ জানুৱাৰী মাহত দেশত অনুষ্ঠিত হ’বলগীয়া দৃষ্টিহীন মহিলা নাগেশ ট্ৰফী ৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰস্তুতি হিচাপে ক্ৰিকেট এছ’চিয়েচন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া চমুকৈ চি এ বি আইৰ তত্বাৱধানত ১৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ জামচেদপুৰত এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।

প্ৰশিক্ষণ শিবিৰত মঙলবাৰে ঝাৰখণ্ডৰ লগত প্ৰথমখন অনুশীলন মেচত অসমে ৭ উইকেটত জয়লাভ কৰে। বুধবাৰে অনুষ্ঠিত দ্বিতীয়খন খেলত অসমে ১০ ৰাণত পৰাজয় বৰণ কৰে। ঝাৰখণ্ডই বান্ধি দিয়া ৭২ ৰাণৰ লক্ষ্যৰে খেলি দলটোৱে ১০ উইকেটত ৬১ ৰাণহে কৰিবলৈ সক্ষম হয়। এই শিবিৰত দৃষ্টিহীন ক্ৰিকেটৰ উপৰি যোগ, আত্মৰক্ষা, কাৰাটে, ধ্যান আদিৰো প্ৰশিক্ষণ দিয়া হয়। লগতে ষ্টিক লৈ কেনেকৈ চলা ফুৰা কৰিব লাগে এই বিষয়েও জ্ঞান দিয়া হয়। চি এ বি আইৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক তনুময় ভৌমিকৰ দৰে কেইবাগৰাকীও অভিজ্ঞ প্ৰশিক্ষকে খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

এই ৰাষ্ট্ৰীয় মানৰ প্ৰশিক্ষণ শিবিৰত অসমৰ দৃষ্টিহীন ক্ৰিকেটৰ ১৩ গৰাকী ছোৱালী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। অসমত দৃষ্টিহীন ক্ৰিকেটক আগুৱাই নিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত অসমৰ দলটোৱে জামচেদপুৰৰ এই প্ৰশিক্ষণ শিবিৰত অংশ লয়। অসম দলটোৰ প্ৰশিক্ষক হিচাপে আছিল ৰাজদ্বীপ ডাকুৱা, টীম মেনেজাৰৰ দায়িত্বত আছিল দিবন বৰা আৰু ৱাৰ্ডেনৰ দায়িত্বত আছে প্ৰিয়ংকা কাকতি। টীম লিডাৰ হিচাপে আছিল সত্যজিৎ শৰ্মা আৰু সহযোগী হিচাপে আছিল হেমন্ত কলিতা।