বৰহাট, ৫ মেঃ চৰাইদেউ জিলাৰ সোণাৰি সমষ্টিৰ বৰুৱাচালি মৌজাৰ বুৰঞ্জী প্ৰসিদ্ধ মোমাই তামুলী বৰবৰুৱাই গঢ়ি থৈ যোৱা এখন ঐতিহাসিক বজাৰ বৰহাট সাপ্তাহিক দেওবৰীয়া বজাৰ৷ অসম-অৰুণাচল সীমান্তৰ দাঁতি কাষৰীয়া অঞ্চলৰ অৰুণাচলী তথা অসম-নাগালেণ্ড সীমান্তৰ ব্যৱসায়ী সকলৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ স্থানীয় ব্যৱসায়ী সকলৰ অন্যতম স্থলী এই বজাৰখন৷ বৰ্তমান বজাৰখনৰ কদৰ্য্যময় ৰূপটোৱে গ্ৰাহকৰ লগতে ব্যৱসায়ী সকলকো অসুবিধাত পেলাইছে ৷ বৰহাটৰ মাজমজিয়াত অৱস্থিত এই বজাৰখনত এজাক বৰষুণতেই নল-নৰ্দমা বোকা পানীৰে উপচি এক লেতেৰা-দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয়৷ এনে অস্বাস্থ্যকৰ আৰু লেতেৰা পৰিৱেশতেই ব্যৱসায়ীসকলে তেওঁলোকৰ সামগ্ৰী সমূহ ৰাখে ৷ সপ্তাহত এবাৰহে এই বৃহৎ বজাৰখন বহাত উপায়ন্তৰ হৈ গ্ৰাহকসকলে লেতেৰা আৰু অস্বাস্থ্যকৰ পৰিৱেশতেই প্ৰয়োজনীয় সামগ্ৰীসমূহ ক্ৰয় কৰিব লগা হৈছে৷ ব্যৱসায়ী সকলেও শাক-পাত, মাছ-মাংস কাটি অৱশিষ্ট আৱৰ্জনা সমূহ বিশৃংখল ভাবে পেলোৱাত বজাৰখনৰ পৰিবেশ অধিক দূৰ্গন্ধময় হৈ পৰিছে৷ বজাৰৰ নিয়ম মতে কটা মাছ-মাংস বন্ধ আইনাৰ কোঠাৰ ভিতৰতহে কাটি বিক্ৰী কৰিব লাগে৷ কিন্তু সকলো নীতি-নিয়মক বৃদ্ধাংগুষ্ঠ দেখুৱাই এইসকল ব্যৱসায়ীয়ে দূৰ্গন্ধময় তথা লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশতেই কটা মাছ আৰু বিভিন্ন মাংস বিক্ৰী কৰি আহিছে৷ অস্বাস্থ্যকৰ পৰিৱেশৰ পৰা সংগৃহীত নিত্য প্ৰয়োজনীয় সা-সামগ্ৰী সমূহে ক্ৰেতাসকলৰ স্বাস্থ্যত কেনে প্ৰভাব পেলাব, সেয়া সহজেই অনুমেয়৷ এই ক্ষেত্ৰত বজাৰ আৱন্টন লাভ কৰোঁতাজনে বজাৰখনৰ চাফ-চিকুণতাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত প্ৰশাসনক উচিত ব্যৱস্থা ল’বলৈ সচেতন মহল, ভূক্তভোগী ৰাইজ তথা জাতীয় সংগঠন চুম্ হুম্ লিক্ লাই লে’ ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিয়ে আহ্বান জনাইছে৷