সোণাপুৰ, ২৯ জুলাইঃ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে সোণাপুৰত ৯১ ফুট দৈৰ্ঘ্যৰ এখন চিত্ৰকলাৰ তুলিকা প্ৰস্তুত কৰি উলিয়াইছে যোৰাবাটৰ শিৰোমণি দলেয়ে৷ বিশ্বত ৩৭ ফুট দীঘল চিত্ৰকলাৰ তুলিকা আছে৷ শিৰোমণিয়ে এই অভিলেখ ভঙ্গ কৰি নতুন বিশ্ব অভিলেখ ৰচনা কৰাৰ লক্ষ্যৰে প্ৰায় ৯১ ফুট দীঘল চিত্ৰ তুলিকাডাল প্ৰস্তুত কৰি উলিয়াইছে৷ সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত সভাত সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডা০ ধ্ৰুৱজ্যোতি হাজৰিকাই তুলিকাডালৰ ফিটা কাটি উদ্ধোধন কৰাৰ পিছতে শিৰোমণি দলেয়ে বিশ্বত নাৰী নিৰ্যাতন সন্দৰ্ভত চিত্ৰ অংকণ কৰি সকলোকে আকৰ্ষিত কৰে৷ ইয়াৰ পিছতেই শিৰোমণিয়ে ৩১ ফুট দৈৰ্ঘ্যৰ এডাল বাঁহেৰে তিনিটা ষ্টেপত নিৰ্মাণ কৰি উলিওৱা ছেলফি ষ্টিকডাল সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুৰি দেৱী গোস্বামীয়ে উদ্ধোধন কৰে৷ চক্ৰ বিষয়া ড০ ধ্ৰুৱজ্যোতি হাজৰিকাই শিৰোমণিক ৯১ ফুট দীঘল চিত্ৰ তুলিকা আৰু ৩১ ফুট দৈৰ্ঘ্যৰ ছেলফি ষ্টিকডাল তৈয়াৰ কৰাৰ কাৰণে প্ৰমাণ পত্ৰ দিয়াৰ কথা ব্যক্ত কৰে৷ শিৰোমণিয়ে অনুষ্ঠানটোৰ ৰেকডিং ৱৰ্ল্ড ৰেকৰ্ডছৰ বিভাগীয় কৰ্তৃপক্ষলৈ ই-মেইল কৰাৰ কথা জানিবলৈ দিয়ে৷ অৱশ্যে ইয়াৰ ফলাফল আহিবলৈ তিনিমাহ লাগিব বুলি শিৰোমণিয়ে জানিবলৈ দিয়ে৷ প্ৰায় ৫ কুইন্টল ওজনৰ এই তুলিকাডাল নিৰ্মাণ কৰাত শিৰোমণিক কানাইয়া ঠাকুৰে সহায় কৰিছে৷ তুলিকাডাল বাঁহ, খেৰ, কাপোৰ, ৰছীৰ লগতে বিভিন্ন সামগ্ৰীৰে প্ৰস্তুত কৰি উলিওৱা হৈছে৷