গুৱাহাটী : গুৱাহাটী পুনৰ এজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল আৰক্ষীৰ জালত। আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজনৰ নাম ধনমনি মহন্ত। ড্ৰাগছ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ হাতত ধৰা পৰিল ধনমনি মহন্ত। বশিষ্ঠ আৰক্ষীয়ে ধনমনি মহন্তক জালত পেলাবলৈ গোপন খবৰৰ ভিত্তিত চলাইছিল অভিযান।

ৰাজ্যজুৰি অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানত জালত পৰি আছে ড্ৰাগছ সৰবৰাহকাৰী, ড্ৰাগছ মাফিয়াৰ লগতে ড্ৰাগছ আসক্ত লোক। ইতিমধ্যে বহু ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়াক আৰক্ষীয়ে ৰঙাঘৰৰলৈ প্ৰেৰণ কৰিছে।

ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ মাফিয়া সকলক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে কেইবাকোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো আৰক্ষীয়ে সময়ে সময়ে অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰু কুখ্যাত ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সোমবাৰে নিশাৰ ভাগত পুনৰ এক ড্ৰাগছ বিৰোধী অভিযান চলাই মহানগৰ আৰক্ষীয়ে এক সাফল্য লাভ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা ধনমনি মহন্ত নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ড্ৰাগছসহ হাতে লোতে গ্ৰেপ্তাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে। ধনমনি মহন্তৰ পৰা আৰক্ষীয়ে ৪ গ্ৰাম ড্ৰাগছ আৰু নগদ ৭ হাজাৰ ৫০৯ টকা জব্দ কৰে।