নন্দিনী মহন্তৰ বিশেষ প্ৰতিবেদন, সংবাদ ৩৬৫, ২৪ আগষ্ট : পৃথিৱীৰ প্ৰায় বিশ শতাংশতকৈও অধিক অক্সিজেন সৃষ্টি হোৱা এক অঞ্চল আমাজন বর্ষাৰণ্য । যাক কোৱা হয় “ধৰিত্ৰীৰ কলিজা” । আমাজন নদীৰ অৱবাহিকাৰ প্ৰায় ৫০ লাখ বৰ্গ কিলোমিটাৰ ঘন বৰ্ষাৰণ্য । এই আমাজন বৰ্ষাৰণ্যতেই বিশ্বৰ অধিক সংখ্যক বন ভূমি অঞ্চল আছে। এই বৰ্ষাৰণ্যত বাস কৰে বিশ্বৰ প্ৰায় পাঁচ নিযুততকৈ অধিক উদ্ভিদ প্ৰাণী তথা পতংগৰ প্ৰজাতি। আমাজনত প্ৰায় ৪০ হাজাৰ প্ৰজাতিৰ গছ আৰু নদীত প্ৰায় ২,০০০ প্ৰজাতিৰ মাছ পোৱা যায়। বিশ্বত থকা উদ্ভিদ প্ৰজাতিৰ ৭০ শতাংশই এই অঞ্চলৰ ।

পৃথিৱীৰ এই হৃৎপিণ্ড সম্প্ৰতি বিশাল বনজুইৰ কৱলত । বিগত দুই সপ্তাহধৰি সমগ্ৰ বিশ্বক অকলেই ২০% তকৈও অধিক অক্সিজেনৰ যোগান ধৰি আমাজন বৰ্ষাৰণ্যত এতিয়া কেৱল জুই ।

জানিবলৈ পোৱা তথ্য অনুসৰি ২০১২ চনৰ এপ্ৰিলত ব্ৰাজিল চৰকাৰে আমাজন বৰ্ষাৰণ্যৰ কিছু অঞ্চল গতাই দিছিল কেইবাটাও বিদেশী কোম্পানীৰ হাতত খনিজ তেলৰ সন্ধানৰ লগতে খননৰ বাবে । কাৰণ সেইসময়ত ব্ৰাজিল চৰকাৰৰ ৰাষ্ট্ৰপতিয়ে তেখেতৰ শাসনভাৰ গ্ৰহণ কৰিয়েই কৈছিল যে আমাজন বৰ্ষাৰণ্যৰ সম্পদসমূহৰ দ্বাৰাই ব্ৰাজিলৰ উন্নতি হ’ব । চৰকাৰে বিদেশী কোম্পানীৰ হাতত বৰ্ষাৰণ্যখনক গতাই দিয়াৰ পাছত ২০১৩/১৪ চনৰ পৰা আমাজন বৰ্ষাৰণ্যৰ স্থানীয় লোকসকলে আমাজনৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি আহিব পৰা ভাবুকিক লৈ তীব্ৰ প্ৰতিবাদ কৰি আহিছিল । ইয়াত বিশেষভাৱে ভাগ লৈছিল ৱাঅ’ৰানি নামৰ এক জনগোষ্ঠীয়ে । প্ৰতিবাদ কৰি কোনোধৰণৰ সুফল নোপোৱাত অৱশেষত প্ৰতিবাদকাৰীসকলে সহায় লৈছিল আইনৰ আৰু শেষত আজিৰ পৰা কেইসপ্তাহমানৰ আগত জয়লাভ হৈছিল প্ৰতিবাদকাৰীসকলৰ । উঠাই লোৱা হৈছিল কোম্পানীক দিয়া অধিকাৰসমূহ । আৰু তাৰ কিছুদিন পাছতেই জ্বলিবলৈ লৈছিল আমাজন বৰ্ষাৰণ্য ।

আমাজন বৰ্ষাৰণ্যৰ এই বনজুই ৰহস্যৰ আৱৰ্তত । বর্ষাৰণ্য সমূহত বনজুই কোনো ডাঙৰ কথা নহয় । কিন্তু এনেদৰে প্ৰায় ৩ সপ্তাহধৰি জ্বলি থকা বনজুই কোনোপধ্যেই যুক্তিসংগত নহয় । ইতিমধ্যে জ্বলি শেষ হৈ গৈছে বৰ্ষাৰণ্যখনৰ অধিকাংশ অঞ্চল । বিজ্ঞানীসকলে অনুমান কৰিছে যে এই বনজুইৰ সূত্ৰপাত ঘটিছে হয়তো থলুৱা জনগোষ্ঠীসমূহে খেতি কৰিবৰ বাবে মাটি চাফা কৰিবৰ বাবে লগোৱা জুইৰ পৰা নতুবা কোনো দুস্কৃতিকাৰীৰ ফলত ।

কেইমাহমানৰ আগত প্ৰকাশিত এটা বাতৰিৰ তথ্য অনুসৰি আমাজনৰ এক সৰু অংশত পূৰ্বতে কোনো তথ্য নথকা ৮১ খন হেৰাই যোৱা গাওঁ আৱিষ্কাৰ হৈছে । পুৰাতত্ত্ববিদসকলে প্ৰকাশ কোৱা অনুসৰি এতিয়াও আমাজনত কেইবাশ গাঁও আবিষ্কাৰ হ’বলৈ আছে ।

উল্লেখযোগ্য যে বৰ্ষাৰণ্যখনৰ বহু ঘন বনাঞ্চল, জীৱ-জন্তুক লৈ ৰহস্যৰ অৱসান ঘটা নাই । মানৱৰ বাবে প্ৰয়োজনীয় বহু মূল্যবান ঔষধৰ উপাদানো এই বর্ষাৰণ্যতে আছে বুলি ভবা গৈছিল । কিন্তু সম্প্ৰতি জ্বলি ছাই হৈ গ’ল বর্ষাৰণ্যখনৰ অধিকাংশ অঞ্চল । ব্ৰাজিলৰ মহাকাশ গৱেষণা সংস্থাৰ তথ্য অনুসৰি আমাজনৰ ৮৪ ভাগ অঞ্চল পুৰি ছাই হৈ গৈছে । প্ৰতি মিনিটত ১০ বৰ্গ কিলোমিটাৰকৈ জুইয়ে দাহ কৰি গৈছে বৰ্ষাৰণ্যখনক ।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জায়াৰ বলছ’নাৰ তীব্ৰ সমালোচনাৰো সন্মুখীন হৈছে বনজুইক লৈ । বনজুইৰ তীব্রতাৰ তথ্য মিছা বুলি আখ্যা দি এই তথ্য প্ৰকাশ কৰা বিজ্ঞানীক বৰ্খাস্তও কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে ।

ইতিমধ্যে আমাজনৰ জুই নিৰ্বাপনৰ বাবে আগবাঢ়ি আহিছে বাওঁ চৰকাৰ বলভিয়া । বলভিয়াই প্ৰায় ১২ হাজাৰ লিটাৰ পানী কঢ়িওৱা এখন এয়াৰ প্লেন জুই নিৰ্বাপনৰ বাবে প্ৰয়োগ কৰিছে ।

আমাজন বৰ্ষাৰণ্যৰ জুইৰ যেনেদৰেই সূত্ৰপাত নঘটক কিয় এই ঘটনাই অশনি সংকেত কঢ়িয়াই আনিছে সমগ্ৰ বিশ্বৰ জীৱ কূলৰ প্ৰতি । কাৰণ জীৱৰ বাবে ২০ শতাংশ অক্সিজেন উৎপাদন হয় এই বৰ্ষাৰণ্যখনৰ পৰাই । আনহাতে, সমগ্ৰ বিশ্বৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই , সংকটৰ গৰাহত পেলাই জায়াৰ বলছ’নাৰে যদি নিজ দেশক উন্নত কৰাৰ বা পুঁজিপতি হোৱাৰ সপোন দেখিছিল তেনেহ’লে সেই এই পথ ভুল আছিল ।

পৃথিৱীৰ পৰা প্ৰায় ২০ শতাংশ অক্সিজেন নোহোৱা হোৱাৰ পাছত বাকী থকা ৮০ শতাংশও মানৱ সমাজৰ বিভিন্ন লুভীয়া কৰ্মৰ বাবে নোহোৱা হৈ যাব বা হৈছেই । ইয়াৰ ফলত মানুহে ব্যৱহাৰ কৰিব লাগিব হয়তো কৃত্ৰিম উপায়েৰে অক্সিজেন, অক্সিজেন মাক্স । ষ্টিফেন হকিঙে কৈছিল যদি প্ৰজাতিসমূহ বাছি থাকিব লাগে তেনেহ’লে অন্য গ্ৰহ বিচাৰিব লাগিব। অৱশেষত হয়তো সকলোৱে বিচাৰিব লাগিব অন্য গ্ৰহ । যিটো ইতিমধ্যেই কৰি থকা হৈছে ।