গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট : মুকাভিনয়ৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপতত উজ্বলিল অসম সন্তান । মুকাভিনয়ৰ বাবে ভাৰত চৰকাৰৰ সংগীত,নাট-নৃত্য বিভাগৰ স্বতন্ত্ৰ সংস্থা সংগীত নাটক একাডেমীৰ ওষ্টাদ বিচমিল্লাখান-২০১৮ যুৱ বঁটা অসম সন্তান কুলদীপ পাটগিৰিয়ে লাভ কৰে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভুগোল বিজ্ঞান বিভাগৰ ছাত্ৰ কুলদীপ পাটগিৰীয়ে মুকাভিনয়ত দেখুওৱা পাৰদৰ্শীতাৰ বাবে তেওক মনিপুৰৰ ‘জৱাহৰুলাল নেহৰু মণিপুৰী ডান্স একাডেমী’ত অনুস্থিত বিশেষ বটা অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল ড° নাজমা হেপতুল্লাই আনুষ্ঠানিকভাৱে প্ৰদান কৰে এই বটা ।

উল্লেখ্য যে পাঠশালাৰ নিবাসী কুলদীপ পাটগিৰীয়ে সাাধুকথাৰ ওপৰত মুকাভিনয় কৰা প্ৰথমজন মুকাভিনয় শিল্পী । মণিপুৰৰ পৰা বটা লাভ কৰি আজি বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে শুভকাংশী সকলে মণিপুৰলৈ যোৱা দলটোক বিমানবন্দৰত আদৰণী জনায় ।

ইফালে এই বটা লাভ কৰি সুখী কুলদীপ পাটগিৰী ।