গুৱাহাটী, ২৭ নৱেম্বৰঃ মহানগৰীৰ আমচাং অভয়াৰণ্যত আজিৰ পৰা পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে কামৰূপ জিলা প্ৰশাসনে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ ভিত্তিত জিলা প্ৰশাসনে ২৫ আগষ্টতৰ পৰা আমচাংত উচ্ছেদ অভিযান আৰম্ভ কৰিছিল যদিও এই অভিযান কিছুদিনৰ বাবে স্থগিত ৰখা হৈছিল। কিন্তু উচ্চ ন্যায়ালয়ৰ পুনৰ নিৰ্দেশনা জাৰি কৰাত আজিৰ পৰা পুনৰ উচ্ছেদ অভিযান আৰম্ভ হয়। অসম আৰক্ষীৰ সহযোগত বন বিভাগৰ লোকে পুৱাৰে পৰা আমচং অভয়াৰণ্যত অবৈধ ভাৱে মাটি দখল কৰি বসবাস কৰা লোকসকলক বাসগৃহ ভাঙি চুৰমাৰ কৰে। বন বিভাগৰ লগতে এক বৃহৎ আৰক্ষীৰ দল হাতী আৰু এক্সেভেৰ্টাৰলৈ পুৱাই আমচাং পাহাৰত উপস্থিত হৈ উচ্ছেদ অভিযান চলায়। উচ্ছেদৰ ভয়ত বহু পৰিয়ালে নিজৰ ঘৰৰ সামগ্ৰী উলিয়াই আনি আমচাং ত্যাগ কৰে যদিও শিল্পগ্ৰামৰ নাবজ্যোতি নগৰত এই উচ্ছেদক কেন্দ্ৰ কৰি উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেদ অভিযানত প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠিচালনা আৰু কিন্দুৱা গেছ প্ৰয়োগ কৰিবলৈ বাধ্য হয়। পথৰ ওপৰত শুই আৰু প্ৰশাসন তথা আৰক্ষীৰ ওপৰত কিছুমানে শিলগুটিও নিক্ষেপ কৰে। উচ্ছেদ অভিযানত বাধা দিবলৈ গৈ তিনিগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। মিতালী দাস, আনিম খাতুন আৰু ৰচিদা আহমেদ নামৰ মহিলা তিনিগৰাকীৰ পেটত গুলি লগত গুৰুত্বভাৱে আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে মিতালি দাস কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য বুলি জানিব পৰা গৈছে। বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মাই আমচাঙৰ উচ্ছেদক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশতে ৰাইজৰ মতক সন্মান জনাই উচ্ছেদ চলোৱা হৈছে আৰু প্ৰকৃত খিলঞ্জীয়া উচ্ছেদিত হ’লে সংস্থাপন কৰা হ’ব। যদিহে খহনীয়াগ্ৰস্ত লোক আমচাংত উচ্ছেদিত হৈছে তেন্তে তেওঁলোকক পুনৰ সংস্থাপন কৰা হ’ব। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ৰাজ্যত সঘনাই হৈ থকা হাতী মানুহৰ সংঘাতৰ অন্যতম কাৰণ হৈছে বনাঞ্চল বেদখল। মন্ত্ৰীগৰাকীয়ে আমচাঙত উচ্ছেদ বন্ধ নহয় বুলিও মন্তব্য কৰে। বনমন্ত্ৰী গৰাকীয়ে আমচাঙত চাহ বাগিছা আৰু চিমেণ্ট উদ্যোগ থকাৰ কথা স্বীকাৰ কৰি কয় যে চাহ বাগিচা আৰু চিমেণ্ট উদ্যোগই গছ কাটি প্ৰকৃতি ধ্বংস কৰা নাই, বেদখলকাৰীয়েহে পাহাৰৰ গছ কাটি টকলা কৰিছে।