তেজপুৰ, ২৭ নৱেম্বৰ: সমগ্ৰ ৰাজ্যত আবতৰীয়া দীপাৱলী, ৰাজপথত নৃত্য-গীত, সমদল৷ শোণিতপুৰৰ কাৱৈমাৰিত অংকুশিতাৰ বিজয়ৰ উল্লাসৰ বন্যা ৷ অংকুশিতাৰ জন্ম গাঁও মেঘাইজাৰণিতো মটৰ চাইকেলৰ শোভাযাত্ৰা৷ তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই এই বিজয়ক লৈ অতি আনন্দিত হৈ ক’লে যে, ‘অংকুশিতাৰ বিজয় বিশ্বৰ জয়’৷ অংকুশিতাক লৈ আমি বহু আশাবাদী৷ অংকুশিতাই অলিম্পিক জয় কৰিব পাৰিব৷ অংকুশিতাক উন্নত মানৰ প্ৰশিক্ষণ দিবৰ বাবে প্ৰধান মন্ত্ৰী, কেন্দ্ৰীয় খেল মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ লগত আবেদন জনাব আৰু নিজাববীয়াকৈ সহায় কৰিব বুলি মন্তব্য কৰে সাংসদ ৰাম প্ৰসাদ শৰ্মাই৷