নিউজ ডেস্ক, ৩ মে’, ২০২৪ : উত্তৰ প্ৰদেশৰ দুখন গুৰুত্বপূৰ্ণ আসন ৰায়বৰেলী আৰু আমেথিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ (Congress) দলে। ৰায়বৰেলীৰ পৰা ৰাহুল গান্ধীক নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰাৰ সিদ্ধান্ত কংগ্ৰেছ দলৰ। আনহাতে আমেথিৰ পৰা কংগ্ৰেছৰ দলৰ হৈ যুঁজিবলৈ টিকট প্ৰদান কৰা হৈছে কে এল শৰ্মাক। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰায়বৰেলীৰ পৰা জয়ী হৈ ছোনিয়া গান্ধীয়ে সংসদত স্থান লাভ কৰাৰ বিপৰীতে আমেথিত পৰাস্ত হৈছিল ৰাহুল গান্ধী।

দেশৰ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ আমেথি আৰু ৰায়বৰেলী আসনৰ বাবে কংগ্ৰেছে প্ৰাৰ্থী ঘোষণা কৰিছে। আসন দুখনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা দুয়োখন আসনতে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে কংগ্ৰেছ দলে। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৰায়বাৰেলীৰ পৰা আৰু কিশোৰী লাল শৰ্মাই আমেথিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ লগে লগে ৰায়বৰেলী বা আমেথিৰ পৰা প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ জল্পনা-কল্পনাৰ অন্ত পৰিল।

আমেথিৰ পৰা কংগ্ৰেছ দলৰ টিকট লাভ কৰা কিশোৰী লাল শৰ্মাই গান্ধী পৰিয়ালৰ লগত অতিকৈ ঘনিষ্ঠ আৰু ৰায়বৰেলীত ছোনিয়া গান্ধীৰ সমষ্টিৰ প্ৰতিনিধি হিচাপে কাম কৰি আহিছে। টিকট লাভ কৰাৰ পিছতে কে এল শৰ্মাই নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত কে এল শৰ্মাৰ সৈতে প্ৰিয়ংকা গান্ধী ভাদ্ৰো উপস্থিত থাকে। ইফালে ৰাহুল গান্ধীৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত মাতৃ ছোনিয়া গান্ধী আৰু ভগ্নী প্ৰিয়ংকা গান্ধী ভাদ্ৰো উপস্থিত থাকে। দুয়োখন আসনৰ বাবে পঞ্চম পৰ্যায়ত অৰ্থাৎ ২০ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।

আমেথিত কিশোৰী লাল শৰ্মাই বিজেপি নেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী আৰু বিএছপিৰ ৰবি প্ৰকাশ মৌৰ্যৰ লগত যুঁজিব। আনহাতে ৰায়বৰেলীত ইউ পি চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙ আৰু বিএছপিৰ ঠাকুৰ প্ৰসাদ যাদৱ থাকিব ৰাহুল গান্ধীৰ বিৰুদ্ধে। ইউপিত কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি এই আসন দুখনত কোনো প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই সমাজবাদী পাৰ্টীয়ে। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত আমেথিৰ পৰা বিজেপি নেত্ৰী স্মৃতি ইৰাণীৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল ৰাহুল গান্ধী।

অৱশ্যে ৰাহুল গান্ধী কেৰালাৰ ৱায়ানাদৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তাত জয়ী হৈছিল। আমেথিক কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ দুৰ্গ হিচাপে গণ্য কৰা হৈছে যদিও স্বাধীনতাৰ পিছত প্ৰথম নিৰ্বাচনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে এই আসনে। তেতিয়া ইয়াক চুলতানপুৰ দক্ষিণ নামেৰে জনা গৈছিল। এই আসনৰ পৰা বালকৃষ্ণ বিশ্বনাথ কেশকৰ প্ৰথম সাংসদ হিচাপে নিৰ্বাচিত হয়। পিছলৈ ১৯৫৭ চনত এই আসনখন মুছাফিৰখানা লোকসভাৰ আসনৰ অংশ হৈ পৰে আৰু তাৰ পৰাই পুনৰ বিশ্বনাথ কেশকাৰে জয়লাভ কৰে।

১৯৮০ চনৰ নিৰ্বাচনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীয়ে আমেথি আসনত জয়লাভ কৰিছিল। কিন্তু সেই বছৰৰ ২৩ জুনত বিমান দুৰ্ঘটনাত সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত এই আসনখন ইন্দিৰা গান্ধীৰ দ্বিতীয় পুত্ৰ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে দখল কৰে। কংগ্ৰেছে ১৬ বাৰ এই আসন দখল কৰিছে। ৰায়বৰেলী সমষ্টি স্বাধীনতাৰ পিছৰে পৰা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পৰা একেৰাহে ৫ বাৰ জয়লাভ কৰিছে দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধীয়ে। কিন্তু এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছে ছোনিয়া গান্ধীয়ে।

১৯৫১-৫২ চনত অনুষ্ঠিত হোৱা প্ৰথম লোকসভা নিৰ্বাচনত ইয়াৰ পৰাই জয়ী হৈছিল ছোনিয়া গান্ধীৰ শহুৰেক ফিৰোজ গান্ধী। ইয়াত অনুষ্ঠিত হোৱা মুঠ ২০ টা লোকসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ ভিতৰত ১৭ টাত কংগ্ৰেছে জয়লাভ কৰিছে। ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাৰ পিছত ইয়াত ইন্দিৰা গান্ধী জনতা দলৰ প্ৰাৰ্থীৰ হাতত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ উপৰিও নব্বৈৰ দশকত ইয়াৰ পৰা দুবাৰকৈ বিজেপিৰ অশোক সিঙেও জয়লাভ কৰিছিল। এইবাৰ বিজেপিয়ে ৰায়বৰেলী আসনৰ পৰা দীনেশ প্ৰতাপ সিঙক প্ৰক্ষেপ কৰিছে। যোগী চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপে ২০১৯ চনত ছোনিয়া গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। নিৰ্বাচনত তেওঁ ১.৬ লাখ ভোটত পৰাস্ত হৈছিল।