সোণতলী, ১০ অক্টোবৰঃ ৰাজ্যত বাল্য বিবাহ ৰোধৰ কাৰণে জিলা প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা সময়তে গুৱাহাটীৰ আমিনগাঁৱত এগৰাকী দণ্ডাধীশে উকীলৰ সহযোগত ১৪ বছৰীয়া কিশোৰীক প্ৰাপ্তবয়স্ক যুৱতী সজাই এগ্ৰিমেন্ট প্ৰস্তুত কৰি বিবাহ কাৰ্য্য সম্পন্ন কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত তথ্য মতে, দক্ষিণ কামৰূপৰ সোণতলীৰ ছমৰীয়াপামৰ এগৰাকী ২৭ বছৰীয়া যুৱকে পাঁচ মাহ পূৰ্বে একে গাঁৱৰে ছুলতান আলীৰ কন্যা তথা দক্ষিণ গাওঁ কাহিলীপাৰা এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰীৰ লগত গোপনে বিবাহ পাশত আৱদ্ধ হয়৷ ছমৰীয়াপামৰ আবু শ্বামাৰ পুত্ৰ মহৰ আলীয়ে একে গাঁৱৰে ছুলতান আলীৰ কিশোৰী কন্যাৰ লগত বিবাহত আৱদ্ধ হোৱা কথা গাওঁখনত বিয়পি পৰাত ছমৰীয়াপামৰ কেইজনমান সমাজ সচেতন ব্যক্তিয়ে ঘটনা সম্পৰ্কত বকো চাইল্ড লাইনক অৱগত কৰে৷ ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে বকো চাইল্ড লাইনে সোণতলী আৰক্ষীৰ সহযোগত অতৰ্কিতে অভিযান চলাই মহৰ আলীৰ ঘৰৰ পৰা ন বোৱাৰী প্ৰায় ১৪বছৰীয়া কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়াৰ লগতে মহৰ আলীক আটক কৰে৷ আৰক্ষীৰ তদন্তত মহৰ আলীয়ে বিয়াৰ ক্ষেত্ৰত গুৱাহাটীৰ আমিনগাঁৱৰ দণ্ডাধীশ অনুৰিমা ভাগৱতী বৈশ্য আৰু উকিল মিতুমনি বড়োয়ে সহযোগ কৰা কথা স্বীকাৰ কৰে৷ কোনো তথ্য অবিহনে এগৰাকী চৰকাৰী বিষয়াই এগৰাকী কিশোৰীক ১৯ বছৰীয়া যুৱতী সজাই বিয়াৰ এগ্ৰিমেন্ট প্ৰস্তুত কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ চৰকাৰ তথা জিলা প্ৰশাসনে সমাজত ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰা বাল্য বিবাহৰ ঘটনা ৰোধৰ কাৰণে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়ত আমিনগাঁৱৰ দণ্ডাধীশ অনুৰিমা ভাগৱতী বৈশ্য আৰু উকিল মিতুমনি বড়োৰ এনে কাৰ্য্যই বৃহত্তৰ সোণতলীবাসীৰ সচেতন মহলৰ কাৰণে এক অবুজ সাঁথৰ হৈ পৰিছে৷