যোৰহাট, ১০ অক্টোবৰঃ ইউনাইটেড পেট্ৰ’লিয়াম ফণ্টে ১৩ অক্টোবৰত ২৪ ঘন্টীয়া উজনি অসম পেট্ৰ’ল পাম্প বন্ধৰ ঘোষণা কৰিছে৷ যোৰহাট প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদ মেলত ইউনাইটেড পেট্ৰ’লিয়াম ফণ্টে এই তথ্য সদৰি কৰে৷ ফন্টৰ নেতৃবৃন্দই সংবাদমেলত সদৰি কৰি কয় যে, পেট্ৰ’লিয়ামজাত সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকৰ লগতে পেট্ৰ’লিয়াম ডিলাৰসমূহৰ স্বত্বাধিকাৰীকো ক্ষতিগ্ৰস্ত কৰিছে৷ অতি কম সময়ত পেট্ৰ’লৰ মূল্য ১০ পইছাৰ পৰা ৭ টকালৈকে বৃদ্ধি, ২৮% হাৰত পেট্ৰ’লৰ জিএছটি নিৰ্ধাৰিত কৰা আদিয়ে সমস্যাই পেট্ৰ’ল পাম্পৰ স্বত্বাধিকাৰী সকলক জুৰুলা কৰিছে। বিশেষকৈ শেহতীয়াকৈ অইল মাৰ্কেটিং কোম্পানীয়ে তেল ডিপুৰ প্ৰাসাৱগাৰসমূহ লেতেৰা হৈ থাকিলে ক্ৰমে ১০হাজাৰ, ২০হাজাৰ, ৫০হাজাৰ টকা জৰিমণা বিহাৰ লগতে পৰৱৰ্তী সময়ত অনুজ্ঞাপত্ৰ বাতিল কৰাৰ এখন নতুন আইন প্ৰণয়ন কৰাত ফন্টে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে৷ চৰকাৰৰ এনে একপক্ষীয় সিদ্ধান্তৰ বিৰুদ্ধে ইউনাইটেড পেট্ৰ’লিয়াম ফণ্টে অহা ১২ অক্টোবৰ নিশা ১২ বজাৰ পৰা ১৩ অক্টোবৰ নিশা ১২ বজালৈ উজনি অসমৰ কাজিৰঙাৰ পৰা শদিয়ালৈকে থকা প্ৰায় ২৫০ টা তেল ডিপু বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে৷