গুৱাহাটী : এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ ফিস্ফোৰণ। অখিক গগৈক দল গঠনৰ বাবে দহ কোটি টকাৰ প্ৰয়োজন আছিল বুলি আমিনুল ইছলামৰ বিস্ফোৰণ। দহ কোটি টকা নোপোৱাৰ বাবাই অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল কয় বুলি অভিযোগ উত্থাপন কৰিছে ধিংৰ এ আই ইউ ডি এফৰ বিধায়ক গৰাকীয়ে।

২০২১ ৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিক শাসনৰ গাদীৰ পৰা আঁতৰাই আনিবলৈ কংগ্ৰেছৰ নেতৃত্বত গঠন হৈছিল মহাজোঁট বন্ধন। বিজেপি বৰোধী কেইবাটাও দলে একত্ৰিত হৈ ২০২১ ত বিজেপিৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হৈছিল। বিজেপিৰ বিৰোধিতা কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত গঠন হৈছিল দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল।

লুৰীণজ্যোতি গগৈৰ নেতৃত্বত গঠন হৈছিল ‘অসম জাতীয় পৰিষদ’ আৰু কৃষক নেতা অখিল গগৈৰ নেতৃত্বত গঠন হৈছিল আনটো আঞ্চলিক ৰাজনৈতিক দল ‘ৰাইজৰ দল’। বিজেপিৰ বিৰোধিতা কৰি গঠন হোৱা এই দুয়োটা আঞ্চলিক দল কংগ্ৰেছৰ মহাজোঁট বন্ধনৰ পৰা আঁতৰি আছিল। কংগ্ৰেছৰ বহু চেষ্টাৰ পিছতো এই দুয়োটা দল আঁতৰি আছিল মহাজোঁট বন্ধনৰ পৰা।

সেই সময়ত অখিল গগৈয়ে কংগ্ৰেছৰ লগত একত্ৰিত হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰিবলৈ সাজু আছিল যদিও অখিল গগৈৰ চৰ্ত আছিল এ আই ইউ ডি এফক মহাজোঁট বন্ধনৰ পৰা আঁতৰ কৰিব লাগিব। এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰি অখিল গগৈ কংগ্ৰেছ মহাজোঁট বন্ধনত অন্তৰ্ভুক্ত হোৱা নাছিল।

এতিয়া পুনৰ ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন। উপ নিৰ্বাচনক কেন্দ্ৰ কৰি পুনৰ বিজেপিক ৰোধিবলৈ একত্ৰিত হৈছে বিজেপি বৰোধী ৰাজনৈতিক দল সমূহ। উপ নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাইজৰ দল চৰ্চালৈ আহিছে। চৰ্চালৈ আহিছে অখিল গগৈ। ইতিমধ্যে উপ নিৰ্বাচনকৈ আলোচনাত মিলিত হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

দুয়ো দলৰ নেতাৰ মাজত আলোচনা অব্যাহত আছে যদিও অখিল গগৈ বর্তমানেও এই আই ইউ ডি এফৰ বিৰোধিতা কৰি আছে। এ আই ইউ ডি এফ থাকিলে ৰাইজৰ দল কংগ্ৰেছৰ লগত একত্ৰিত হৈ উপ নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ নহয় বুলি অখিল গগৈৰ স্থিতি স্পষ্ট। অখিল গগৈৰ কিয় এ আই ইউ ডি এফৰ বিৰোধিতা কৰে, কিয় অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি অভিহিত কৰে ইয়াৰ বিস্ফোৰক উত্তৰ দিলে এ আই ইউ ডি এফৰ ধিংৰ বিধায়ক আমিনুল ইছলামে।

আমিনুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে ২০২১ ৰ নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফৰ লগত অখিল গগৈ আলোচনাত মিলিত হৈছিল। অখিল গগৈয়ে দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন বুলি কৈছিল আৰু মহাজোঁট বন্ধনত চামিল হোৱাৰো আশ্বাস দিছিল অখিল গগৈয়ে। অখিল গগৈৰ বিজেপিৰ লগতো আলোচনা হৈছিল বুলি কয় আমিনুল ইছলামে। বিজেপিৰে হোৱা আলোচনাৰ পিছতে অখিল গগৈয়ে এ আই ইউ ডি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰে বুলিও কয় আমিনুল ইছলামে।

অৱশ্যে অখিল গগৈয়ে দহ কোটি টকা দাবী কৰা নাছিল, দল গঠনৰ বাবে অখিল গগৈক টকাৰ প্ৰয়োজন আছিল বুলিও কয় আমিনুল ইছলামে। আমাৰ লগত আলোচনা হোৱা সময়ত অখিল গগৈয়ে এই আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি কোৱা নাছিল। বিজেপিৰ লগত আলোচনা হোৱাৰ পিছৰে পৰা অখিল গগৈয়ে এ আই ইউ ডি এফ দলক সাম্প্ৰদায়িক দল বুলি আখ্যা দিবলৈ ধৰে বুলিও কয় আমিনুল ইছলামে। আমিনুল ইছলামে লগতে কয় যে অখিল গগৈয়ে টকা দাবী কৰা নাছিল আৰু আমিও অখিল গগৈক টকা দিয়া নাছিলোঁ।