গুৱাহাটী : ধিংৰ বিধায়ক আমিনুল ইছলামৰ অভিযোগকলৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। অখিল গগৈয়ে দল গঠনৰ বাবে ১০ কোটি টকা এ আই ইউ ডি এফৰ পৰা বিচাৰিছিল বুলি আমিনুল ইছলামে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত অখিল গগৈয়ে কয় যে মই গৌৰৱেৰে কওঁ অসমৰ ৰাজনীতিৰ একমাত্ৰ সৎ ব্যক্তি মই।

শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম এজন সাম্প্ৰদায়িক আৰু গুৰুত্বহীন ব্যক্তি। অখিল গগৈয়ে লগতে আমিনুল ইছলামক ফটুৱা বুলিও আখ্যা দিয়ে। অখিল গগৈয়ে উপ নিৰ্বাচনৰ কংগ্ৰেছৰ লগত এ আই ইউ ডি এফ থাকিলে মিত্ৰতা নকৰাৰ কথাও স্পষ্ট কৰে।

আমিনুল ইছলামৰ অভিযোগ সন্দৰ্ভত ৰাইজৰ দলৰ ফালৰ পৰাও প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে। ৰাইজে দলে কোনো ধৰণৰ তথ্য আৰু প্ৰমাণ নোহোৱাকৈ আমিনুল ইছলামে অখিল গগৈৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে অভিযোগ উত্থাপন কৰিছিল যে অখিল গগৈয়ে এ আই ইউ ডি এফৰ পৰা টকা বিচৰিছিল।

২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অখিল গগৈৰ লগত এ আই ইউ ডি এফ আলোচনাত মিলিত হৈছিল। আলোচনাত অখিল গগৈয়ে দল গঠনৰ বাবে ১০ কোটি টকাৰ প্ৰয়োজন বুলিও এ আই ইউ ডি এফৰ ওচৰত প্ৰকাশ কৰিছিল বুলি আমিনুল ইছলামে অভিযোগ উত্থাপন কৰিছিল।

অৱশ্যে আমিনুল ইছলামে পৰৱৰ্তী সময়ত কয় যে অখিল গগৈয়ে টকা দাবী কৰা নাছিল। দল গঠনৰ বাবে টকাৰ প্ৰয়োজন বুলিহে কৈছিল। আমিনুল ইছলামে লগতে অভিযোগ কৰিছিল যে টকা নোপোৱাৰ বাবেই অখিল গগৈয়ে এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি প্ৰকাশ কৰিছিল।