নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : যি কৰিম কৰিহে এৰিম । এতিয়া আন্দোলনৰ সময় নহয়। আন্দোলন এৰক। অসমীয়াৰ প্ৰতি সংসদত আহ্বান জনালে অমিত শ্বাহে।

যিসময়ত সমগ্ৰ ৰাজ্য বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তাল হৈ আছে, এটাৰ পাছত এটাকৈ প্ৰতিবাদ সাব্যস্ত কৰি গৈ আছে । তেনে সময়তে অমিত শ্বাহে অসমবাসীক উদ্দেশ্যি মন্তব্য কৰিছে যে এতিয়া আন্দোলন এৰক।

সংসদত অমিত শ্বাহে কয় যে ” কেবৰ প্ৰভাৱ অসমৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাত নপৰে। অসমৰ বাকী অংশত কাৰ্যকৰী হব অসম চুক্তিৰ ৬ নং দফা। জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হব ৬ জনগোষ্ঠীক। কংগ্ৰেছে এন আৰ চি, ৬ নং দফাও কাৰ্যকৰী নকৰিলে। যি কৰিব লগীয়া আছে আমি কৰিম। “