নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ ডিচেম্বৰ : অসমীয়া জাতিৰ প্ৰতিবাদক বুঢ়া আঙুলি দেখুৱাই লোকসভাত গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক ।

বিতৰ্কিত বিধেয়কখনৰ বিপক্ষে ৮০ টা ভোট পৰাৰ বিপৰীতে সপক্ষত ভোট পৰে ৩১১টা ভোট ।

ইফালে শিৱসেনা আৰু জে ডি ইউয়ে বিধেয়কখনকলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই ।

সংসদত অমিত শ্বাহে বিতৰ্কিত বিধেয়কখনৰ সপক্ষত যুক্তি প্ৰদৰ্শন কৰে। শ্বাহে কয় যে শৰণাৰ্থীসকলক এই বিধেয়কখনৰ জৰিয়তে সুৰক্ষা প্রদান কৰা হৈছে।

এইখিনিতে উল্লেখ কৰিব লাগিব যে এই বিতৰ্কিত বিধেয়কখনক বাতিল কৰিবলৈ সাধাৰণ জনতা, ছাত্ৰ সমাজ, দল-সংগঠন, শিক্ষক সংস্থা, শিল্পী সমাজ, লেখক সমাজ আনকি সাংবাদিক সকলেও প্ৰতিবাদ সাব্যস্ত কৰিছিল । কিন্তু এই সকলোবোৰ প্ৰতিবাদক চেৰ পেলাই লোকসভাত বিধেয়কখন উত্থাপন কৰাৰ পাছতে এইবাৰ লোকসভাত গৃহীত কৰিলে বিধেয়কখন।

আনহাতে বুধবাৰে ৰাজ্যসভাত উত্থাপন কৰা হব বিতৰ্কিত বিধেয়কখন।