নিউজ ডেস্ক, সংবাদ ৩৬৫, ২০ অক্টোবৰ : বিদেশীৰ অপবাদ লৈ ডিটেনচন কেম্পত মৃত্যুবৰণ কৰা শোণিতপুৰ জিলাৰ আলিচিঙা গাঁৱৰ দুলাল চন্দ্ৰ পাল আৰু তেওঁৰ পৰিয়ালক ন্যায় প্ৰদানৰ দাবীত দেওবাৰে ২০ ৰাতিপুৱা বিজনীত আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰৰ উপস্থিতিত আমছু আৰু বেঙলী যুৱ ছাত্ৰ ফেডাৰেছনৰ যৌথ উদ্যোগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

অতিশীঘ্ৰে প্ৰয়াত পালক ভাৰতীয় ঘোষণা কৰি মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰাৰ দাবী উত্থাপন কৰে।

উল্লেখযোগ্য যে ২০১৭ চনৰ ১১ অক্টোবৰ তাৰিখে এফ টি ( এ ) গোচৰ নং ২২৩/২০১৭ ৰ অধীনত ঢেকীয়াজুলি আলিচিঙাৰ দুলাল চন্দ্ৰ পালক বিদেশী নাগৰিক বুলি ঘোষণা কৰি তেজপুৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছিল।

দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল দুলাল চন্দ্ৰ পাল। ২৮ ছেপ্টেম্বৰত জি এম চি এইছত তেখেতক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসাধীন অৱস্থাতে ১১ অক্টোবৰত মৃত্যু হয়।

বৰ্তমান মৃতদেহটো চমজি লবলৈ অস্বীকাৰ কৰিছে মৃত দুলাল চন্দ্ৰ পালৰ পৰিয়ালৰ লোকে। পৰিয়ালৰ লোকৰ মন্তব্য হয় তেখেতক ভাৰতীয় বুলি ঘোষণা কৰক নহয় তেখেতৰ মৃতদেহ বাংলাদেশলৈ পঠিয়াই দিয়ক।