‘মিষ্টাৰ কামৰূপ’ দেহশ্ৰী প্ৰতিযোগিতা

In ক্ৰীড়াংগন

গুৱাহাটী, সংবাদ ৩৬৫, ২০ অক্টোবৰ : শণিবাৰে মহানগৰীৰ গাড়ীগাঁও শৰাইঘাট ৰংগমঞ্চত গাড়ীগাঁও ফিটনেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় ‘মিষ্টাৰ কামৰূপ’ শীৰ্ষক দেহশ্ৰী প্ৰতিযোগিতা।

পোনপ্ৰথমবাৰৰ বাবে গাড়ীগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ শাখাত প্ৰায় দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

ভাৰত চৰকাৰৰ ক্ৰীড়া বিভাগৰ স্বীকৃতি প্ৰাপ্ত এই ‘মিষ্টাৰ/মিছ কামৰূপ’ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীয়ে ‘মি. অসম’ দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সুবিধা লাভ কৰিব। তাৰোপৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰাৰো সুযোগ পাব প্ৰতিযোগীসকলে।

বডি বিল্ডিঙৰ প্ৰতি আকৰ্ষিত যুৱক-যুৱতীক এখন উপযুক্ত মঞ্চ দিয়াৰ লক্ষ্যৰে গাড়ীগাঁও ফিটনেছ কমিটিয়ে আয়োজন কৰিছে এই দেহশ্ৰী প্ৰতিযোগিতাৰ।

উল্লেখযোগ্য যে অন্য সংস্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাতহে অংশগ্ৰহণ কৰিবলৈ যুৱক-যুৱতীসকলক আহ্বান জনাই আয়োজক কমিটিয়ে।

Comments

comments

You may also read!

বঙাইগাঁৱত কোচ ৰাজবংশী জাতীয় মঞ্চৰ ধৰ্ণা

বঙাইগাঁও, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানা বি টি আৰত অন্তৰ্ভুক্তিকৰণৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

Read More...

মিৰ্জাৰ বটলিং প্লান্তত ৩ দিনীয়া যান-বাহন চলোৱাৰ লগতে নিয়ম সন্দৰ্ভত সজাগতা প্ৰশিক্ষণ

মিৰ্জা, সংবাদ ৩৬৫, ২৮ ফেব্ৰুৱাৰী: ৰাজ্যত নিতৌ সংঘটিত হৈ থকা পথদুৰ্ঘটনাত বহু লোক ঘুণীয়া হোৱাৰ লগতে বহু লোকে হেৰুৱালগীয়া

Read More...

উত্তৰ-পূৱৰ দুৰ্গম এলেকাবোৰক এতিয়াৰে পৰা দিয়া হ’ব ঋণৰ ব্যাপক সুবিধা : চাহ বাগান অধ্যুষিত জিলাবোৰত বেংকিং সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা হ’ব – কেন্দ্ৰীয় বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: গুৱাহাটীত বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধি, শিক্ষাবিদ, অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰণকাৰীসকলৰ সৈতে মত-বিনিময় কেন্দ্ৰীয়

Read More...

Mobile Sliding Menu