গুৱাহাটী, ১৯ নৱেম্বৰ: ঐতিহাসিক অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰৱেশ কৰা হিন্দু-মুছলমান সকলো অবৈধ বিদেশী-বাংলাদেশীক বহিস্কাৰ কৰা আৰু বিদেশী-বাংলাদেশী তথা ডি’ ভোটাৰৰ নামত অসমৰ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰকৃত ভাৰতীয় নাগৰিকক নিৰ্বিচাৰ কৰি অহা অত্যাচাৰ-নিৰ্যাতন বন্ধ কৰাৰ দাবীত আমছুৱে অহা ২৭ নৱেম্বৰ, ২০১৭ ইং তাৰিখে আহ্বান কৰা “দিছপুৰ চলো” মহাসংগ্ৰাম (পদযাত্ৰা) কাৰ্যসূচী ঘোষণা কৰিছিল। পিছে সাম্প্ৰতিক অসমৰ অস্থিৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্যসূচী সাময়িক বাবে স্থগিত কৰা হৈছে বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে আমছুৰ সভাপতি আজিজুৰ ৰহমানে। অহা ২৭ নৱেম্বৰ, ২০১৭ ইং তাৰিখে আমছুৱে কোনো আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা নাই বুলিও জনায় নেতাগৰাকীয়ে।