গুৱাহাটী, ১৯ নৱেম্বৰ: ৰাজ্যৰ ২ কোটি ৫৮ লাখ লোকৰ বাবে দুঃখবৰ। শীঘ্ৰেই বন্ধ হ’ব খাদ্য সুৰক্ষা আঁচনিৰ চাউলৰ বিতৰণ৷ দেওবাৰে ৰাজ্যৰ দুটাকৈ সংগঠনে গ্ৰহণ কৰা এই সিদ্ধান্তই অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে খাদ্য সুৰক্ষা আঁচনিৰ চাউল লাভ কৰা ২ লাখ ৫৮ হাজাৰ লোকক ৷ সদৌ অসম সুলভ মূল্য ব্যৱসায়ী সন্থা আৰু সদৌ অসম গাঁওপঞ্চায়ত পৰ্যায়ৰ সমবায় সমিতিৰ কৰ্মচাৰী সন্থাৰ এক সভাত গ্ৰহণ কৰা হ’য় এই সিদ্ধান্ত ৷ সভাত দুয়োটা সংগঠনৰ কেইবাদফীয়া দাবী ৩১ ডিচেম্বৰৰ ভিতৰত চৰকাৰে নামানিলে ১ জানুৱাৰীৰ পৰা খাদ্য সুৰক্ষা আঁচনিৰ চাউল বিতৰণ বন্ধ ৰাখিব দুয়োটা সংগঠনে। দুয়োটা সংগঠনে গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচত ৰাজ্য চৰকাৰে কেনেধৰণে গ্ৰহণ কৰে এই প্ৰত্যাহ্বান সময়েহে ক’ব ৷ অন্যথা লাখ লাখ হিতাধিকাৰীৰ বাবে নামি আহিব অনিশ্চয়তা ৷