শিমলুগুৰি, ১৯ নৱেম্বৰ: আজি আঘোন মাহৰ প্ৰথম দিন৷ আনন্দত আত্মহাৰা কৃষক৷ সোণগুটি চপোৱাত ব্যস্ত কৃষক দাৱনী৷ চৰাইদেউ লাকুৱাৰ পথাৰত ব্যস্ত পুৰুষ-মহিলা, বোৱাৰী জীয়ৰী সকলো৷ আঘোন মানেই সোণোৱালী পথাৰ৷ সোণগুটিৰে ভৰি পৰা পথাৰত আজি আঘোণৰ পহিলা দিনটোতে হাতে হাতে কাঁচি লৈ নামি পৰিল গাঁৱৰ দাৱনীসকল। কিয়নো আঘোনত কৃষকৰ সপোন সোণগুটি চপোৱাৰ সময়৷ শাওনমহীয়া পথাৰত কঁপালৰ ঘাম মাটিত পেলাই পথাৰত সপোন ৰচা সোণগুটি এতিয়া ঘৰলৈ নিয়াৰ সময়৷