মাৰ্ঘেৰিটা, ৪ মে : অৱশেষত জালত পৰিল পলাতক আনন তাঁতী। তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মাৰ্ঘেৰিটা জঘন্য কাণ্ডৰ অভিযুক্ত আনন তাঁতীক (Tinsukia police arrested Anan Tati)। নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ আনন তাঁতীৰ বিৰুদ্ধে। আনন তাঁতীৰ ঘৰৰ শৌচালায়ত উদ্ধাৰ হৈছিল নাবালিকাৰ মৃতদেহ। ঘটনাৰ পিছৰে পৰা পলাতক আছিল।

অৱশেষত সফলতা লাভ কৰিলে তিনিচুকীয়া আৰক্ষীয়ে। মাৰ্ঘেৰিটাৰ নাবালিকা ধৰ্ষণ আৰু হত্যাৰ লগত জড়িত অভিযুক্ত আনন তাঁতী তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত তিনিচুকীয়া আৰক্ষীৰ অভিযানত জালত পৰে আনন তাঁতী। নাবালিকা ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত আনন তাঁতীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল হৈ আছিল সমগ্ৰ তিনিচুকীয়া জিলা।

আনন তাঁতীৰ ঘৰৰ শৌচালায়ৰ পৰা ১২ বছৰীয়া নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা ক্ষোভত জ্বলি উঠিছিল মাৰ্ঘেৰিটাবাসী। বিভিন্ন দল সংগঠনৰ বিক্ষোভত উত্তপ্ত হৈ পৰিছিল সমগ্ৰ মাৰ্ঘেৰিটাৰ পৰিৱেশ। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰি আনন তাঁতীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী জনাই আছিল ৰাইজে। বৃহস্পতিবাৰেও দিনৰ ভাগত উত্তপ্ত হৈ আছিল মাৰ্ঘেৰিটাৰ পৰিৱেশ।

মাৰ্ঘেৰিটাত সংঘটিত হোৱা নাবালিকা ধৰ্ষণ তথা হত্যাৰ অভিযুক্ত আনন তাঁতীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম যুৱ ছাত্ৰ পৰিষদ, গোৰ্খা ছাত্ৰ সন্থা আদি বিভিন্ন দল-সংগঠনৰ সহযোগত ৰাইজে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি পথৰ ওপৰত টাইয়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আনন তাঁতীৰ ফাঁচীৰ দাবী জনায়। সহস্ৰাধিক জনতা উপস্থিত হৈ মাৰ্ঘেৰিটা পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে মাতৃৰ সৈতে বিহু চাবলৈ যোৱা নাবালিকা গৰাকীক মাতৃয়ে আনন তাঁতীৰ ঘৰত থৈ গৈছিল। নাবালিকা গৰাকী যোৱা ১ মে’ত মাতৃৰ সৈতে বিহু চাবলৈ গৈছিল। ২ মে’ৰ পুৱা নাবালিকা গৰাকীৰ টোপনি অহাত মাতৃয়ে বিহু অনুষ্ঠানৰ পৰা নাবালিকা গৰাকীক লৈ আনন তাঁতীৰ ঘৰত উপস্থিত হয়। নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰতে টোপনি যাবলৈ দি মাতৃ ঘৰলৈ ঘূৰি যায়। পিছত মাতৃয়ে নাবালিকা গৰাকীক আনন তাঁতীৰ ঘৰৰ পৰা আনিবলৈ যাওঁতে আনন তাঁতীয়ে নাবালিকা গৰাকী পুৱা ৭ মান বজাত ঘৰলৈ যোৱা বুলি মাতৃক জনায়।

ইয়াৰ পিছতে নাবালিকা গৰাকীৰ মাতৃয়ে আৰক্ষীৰ কাষ চাপে। আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰি আনন তাঁতীৰ শৌচালায়ৰ পৰা নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। কাপোৰৰ টোপোলাৰ মাজত ভৰাই নাবালিকা গৰাকীৰ মৃতদেহ শৌচালায়ত লুকুৱাই ৰাখিছিল। ঘটনাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল অভিযুক্ত আনন তাঁতী। ৰাইজে অতি শীঘ্ৰে আনন তাঁতীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী জনোৱৰ লগতে উত্তেজিত ৰাইজে আনন তাঁতীৰ ঘৰ ভাঙি পেলাইছিল।