নিউজ ডেস্ক, ৪ মে’ : মণিপুৰৰ আইন শৃংখলাৰ অধিক অৱনতি ঘটিছে। বৃহস্পতিবাৰেও মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণহীন হৈ আছে। ৰাজ্যখনৰ কেইবাখনো জিলাৰ লগতে ৰাজধানী ইম্ফলত হিংসাত্মক ঘটনা সংঘটিত হৈছে (Tension in Imphal)। প্ৰতিবাদকাৰী সকলে শিলা বর্ষণৰ লগতে অগ্নি সংযোগ কৰে বহু লোকৰ ঘৰৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠানত।

চুবুৰীয়া ৰাজ্য মণিপুৰ জ্বলিছে। প্ৰতিবাদৰ জুইত জ্বলিছে মণিপুৰ। বুধবাৰৰ পৰা মণিপুৰৰ আইন শৃংখলা নিয়ন্ত্ৰণহীন হৈ পৰিছে। ইতিমধ্যে ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰাৰ লগতে পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰিছে চৰকাৰে। মণিপুৰৰ ৰাজধানী ইম্ফল চহৰৰ সামগ্ৰিক আইন শৃংখলাৰ পৰিস্থিতি নিয়ন্ত্ৰণত নাই। সমগ্ৰ ইম্ফল মহানগৰীত গীজগিজাই আছে আৰক্ষী আৰু সেনা বাহিনীৰ লোক। ইম্ফলত জাৰি কৰা হৈছে সন্ধ্যা আইন, কেৱল মাত্ৰ জৰুৰীকালীন সেৱাহে উপলব্ধ ইম্ফল চহৰত।

ইম্ফলৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে মণিপুৰ আৰক্ষীয়ে। এইক্ষেত্ৰত মণিপুৰ আৰক্ষীক সহযোগিতা আগবঢ়াইছে চি আৰ পি এফ বাহিনীয়ে। চহৰখনত ভাড়া ঘৰত থকা জনজাতীয় লোক সকলক সম্পূৰ্ণ সুৰক্ষা প্ৰদানৰ চেষ্টা চলাইছে আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ লোকে। বহু জনজাতীয় লোকক নিৰাপত্তাৰক্ষীয়ে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। চহৰখনত সেনাই ধাৰাবাহিকভাৱে ফ্লেগ মাৰ্চ চলাই আছে।

ইম্ফলৰ বহু অঞ্চলত প্ৰতিবাদকাৰীয়ে গাড়ীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰ লগতে বহু ঘৰত অগ্নি সংযোগ কৰিছে। যোৱা ২৪ ঘণ্টাৰ ভিতৰত ৰাজ্যখনত কেইবাটাও অঞ্চলত হিংসাত্মক ঘটনা সংঘটিত হৈছে। ৰাজ্যখনৰ স্পৰ্শকাতৰ অঞ্চল সমূহৰ বাবে কেন্দ্ৰৰ পৰা অধিক নিৰাপত্তাৰক্ষী বিচৰিছে মণিপুৰ চৰকাৰে। ৰাজ্যখনৰ পৰিস্থিতি যাতে অধিক ভয়াবহ নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে মণিপুৰ চৰকাৰে ৰাজ্যখনত পাঁচ দিনৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছে।

উল্লেখ্য যে মণিপুৰত মেইটেই সম্প্ৰদায়ক এছ টি শ্রেণীত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে বুধবাৰৰ পৰা মণিপুৰ উত্তপ্ত হৈ পৰিছে। ইয়াৰ বিৰুদ্ধে মণিপুৰৰ আটাইকেইখন পাহাৰীয়া জিলাৰ ছাত্ৰ সংগঠনে বুধবাৰে ‘জনজাতি সংহতি মাৰ্চ’ অনুষ্ঠিত কৰিছিল। জনজাতি সংহতি মাৰ্চৰ সময়তে মণিপুৰৰ বহু ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল। বহু ঠাইত প্ৰতিবাদকাৰী সকলে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল।