গুৱাহাটী : অৱশেষত কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰা হ’ল অংকিতা দত্তক (Ankita Dutta)। ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল অংকিতা দত্তই। অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে।

কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হৈছিল। কিছুদিন পূৰ্বে অংকিতা দত্তই এক টুইট কৰি অভিযোগ উত্থাপন কৰিছিল যে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’য়ে কংগ্ৰেছ নেত্ৰী গৰাকীক মানসিক নিৰ্যাতন চলাই আহিছে। অংকিতা দত্তৰ এই টুইট পিছতে কংগ্ৰেছৰ ভিতৰ মহলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। অংকিতা দত্তই এই সন্দৰ্ভত ন্যায় বিচাৰিছিল।

টুইটযোগে এই গুৰুত্বৰ অভিযোগ উত্থাপন কৰাৰ অংকিতা পিছতে অংকিতা দত্ত মুকলিকৈ সংবাদ মাধ্যমৰ আগত প্ৰকাশৰ কৰিছিল যে কংগ্ৰেছ নেত্ৰী গৰাকী বিগত প্ৰায় ৬ মাহ ধৰি ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভি’ৰ মানসিক নিৰ্যাতনৰ বলি হৈ আছে। অংকিতা দত্তই লগতে অভিযোগ উত্থাপন কৰিছিল যে এই সম্পৰ্কে দলৰ উচ্চ পৰ্যায়ৰ নেতাক অৱগত কৰাৰ পিছতো দলৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নহ’ল।

দলৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবে অংকিতা দত্তই ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিবলৈ বাধ্য হোৱা বুলিও সাংবাদিক আগত মন্তব্য প্ৰকাশ কৰিছিল। অংকিতা দত্তই শ্ৰীনিবাস বিভি’ৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছিল। অংকিতা দত্তই এজাহাৰ দাখিল কৰাৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰি ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ বিচাৰিছিল।

অৱশেষত অংকিতা দত্তক কংগ্ৰেছৰ দলৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হয়। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তক কংগ্ৰেছ দলৰ প্রাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰে। বহিষ্কাৰকলৈ বৰ্তমানলৈকে অংকিতা দত্তৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এক এক বিবৃতিযোগে প্ৰকাশ কৰে যে অংকিতা দত্তক ৬ বছৰৰ বাবে কংগ্ৰেছৰ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

বিবৃতিটোত উল্লেখ কৰা হয় যে দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অংকিতাক ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা বহিষ্কাৰ কৰা হৈছে। উল্লেখ্য যে অংকিতা দত্ত প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্তৰ কন্যা। অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অংকিতা দত্তলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীৰ উত্তৰত সন্তুষ্ট নহ’ল দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা।