নিউজ ডেস্ক : অৱশেষত গ্ৰেপ্তাৰ হ’ল খালিস্তান সমৰ্থক অমৃতপাল সিঙ (Amritpal Singh)। ৩৬ দিনৰ অন্তত পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অমৃতপল সিঙক। খালিস্তান সমৰ্থকজনক মোগাৰ গুৰদ্বাৰাৰ পৰা জিম্মাত লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। অজনলা কাণ্ডৰ পিছত পলাতক হৈ আছিল অমৃতপাল সিঙ। পলাতক অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক তিনিদিন পূৰ্বে বৃহস্পতিবাৰে (২১ এপ্ৰিল) অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰা হৈছিল।

৩৬ দিন পিছত জালত পৰিল পলাতক খালিস্তান সমৰ্থক অমৃতপাল সিঙ। পঞ্জাবৰ মোগাত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙক। খালিস্তান সমৰ্থক অমৃতপাল সিঙৰ ওপৰত এন এছ এ লগাই থোৱা আছে। ইতিমধ্যে অমৃতপাল সিঙৰ সহযোগী সকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অমৃতপাল সিঙৰ সহযোগী সকল ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। অমৃতপাল সিঙকো ডিব্ৰুগড়লৈ।অনা হ’ব বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি অমৃতপাল সিঙক জালত পেলাবলৈ অভিযান চলাই আছিল।

অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে ভাৰত-নেপাল সীমান্ত ধাৰাবাহিক অভিযান চলাইছিল। খালিস্তান সমৰ্থক অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে পাঞ্জাৱ আৰক্ষীক ধমক দিছিল পাঞ্জাৱ-হাৰিয়ানা উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে পাঞ্জাৱ আৰক্ষীক ধমক দি কৈছিল খালিস্তান সমৰ্থক অমৃতপাল সিঙৰ সহযোগী সকলক গ্ৰেপ্তাৰ হৈছে কিন্তু অমৃতপাল সিঙক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। উল্লেখ্য যে যোৱা ১৮ মাৰ্চৰ পৰা আৰক্ষীয়ে অমৃতপাল সিঙৰ লগতে সহযোগীসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।

আৰক্ষীৰ অভিযানত অমৃতপাল সিঙৰ বহু সহযোগীক গ্ৰেপ্তাৰ হৈছিল যদিও অমৃতপল সিঙ পলায়ন কৰিবলৈ সক্ষম হৈছিল। তেতিয়াৰ পৰাই আৰক্ষীয়ে অমৃতপাল সিঙক বিচাৰি অভিযান চলাই আছিল। আৰক্ষীয়ে দীর্ঘদিন ধৰি অভিযান চলাইও অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাত অৱশেষত অমৃতপাল সিঙক পলাতক বুলি ঘোষণা কৰি অমৃতপাল সিঙৰ বিৰুদ্ধে এন এছ এ’ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

অমৃতপাল সিঙ পৃথক খালিস্তানৰ দাবী জনাই আহিছিল। অমৃতপাল সিঙ যোৱা ২৩ ফেব্ৰুৱাৰীৰ পৰা চৰ্চিত হৈ পৰে। ২৩ ফেব্ৰুৱাৰীত পাঞ্জাৱ অজনলা জেলত বন্দী হৈ থকা সহযোগী সকলক মুকলি কৰাৰ বাবে অমৃতপাল সিঙে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাইছিল। ইয়াৰ পিছতে অমৃতপাল সিঙৰ লগতে সহযোগী সকলৰ বিৰুদ্ধে আৰক্ষী সক্ৰিয় হৈ পৰিছিল। বৃহস্পতিবাৰে (২১ এপ্ৰিল) অমৃতসৰ বিমানবন্দৰৰ পৰা আটক কৰা হৈছিল অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰক।