আইবা বক্সিং প্ৰতিযোগিতাত ভাৰতৰ শেষ শঙ্খঃ অসমৰ অংকুশিতাৰ লগতে চাৰিগৰাকী বক্সাৰৰ সোণৰ পদক অৰ্জন

In ক্ৰীড়াংগন, ৰাজ্য

গুৱাহাটী, ২৬ নৱেম্বৰঃ গুৱাহাটীৰ সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত আইবা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত অসম সন্তান অংকুশিত বড়োৰ লগতে চাৰিগৰাকী ভাৰতীয় বক্সাৰে সোণৰ পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে, গুৱাহাটীৰ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ২০ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত আৰম্ভণিৰে পৰা ভাৰতীয় যুৱ মহিলা বক্সাৰৰ দপদপনি দেখিবলৈ পোৱা যায়। প্ৰতিযোগিতাৰ প্ৰথম দিনাৰে পৰা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ মহিলা বক্সাৰসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ আগশাৰী দেশৰ বক্সাৰ সকলৰ বিৰুদ্ধে অৱৰ্তীণ হৈ বিজয় যাত্ৰা অব্যাহত ৰাখে। প্ৰতিযোগিতাখনত অসমৰ অংকুশিত বড়োৰ সৈতে পাঁচগৰাকীকৈ ভাৰতীয় মহিলা বক্সাৰে ফাইনেলত খেলাৰ যোগ্যতা অৰ্জন কৰি আজি সোণৰ পদকৰ বাবে অন্তিম যুঁজত অৱতীৰ্ণ হয়। ভাৰতৰ হৈ প্ৰথমখন খেলত নিতুয়ে ৪৫ কেজি শাখাত কাজাকিস্তানৰ উৰাকবায়ভা ঝাজিৰক পৰাস্ত কৰি দেশৰ বাবে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। নিতুৰ পিছতে জ্যোতিয়ে ৫১ কেজিৰ শাখাত ৰাছিয়াৰ মোলচানোৱাক পৰাস্ত কৰি দ্বিতীয়টো, সাক্ষীয়ে ৫৪ কেজিৰ শাখাত ইংলেণ্ডৰ বক্সাৰক পৰাস্ত কৰি তৃতীয়টো, শশী চোপ্ৰাই ৫৭ কেজিৰ শাখাত ভিয়েটনামৰ বক্সাৰক পৰাস্ত কৰি দেশৰ বাবে চতুৰ্থটো সোণৰ পদক অৰ্জন কৰি দেশবাসীক গৌৰম্বাৱিত কৰি তোলে। বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাৰ আৰম্ভণি চাৰিখন খেলত ভাৰতীয় বক্সাৰৰ সফলতাৰ পাছত প্ৰায় চাৰি ঘণ্টা সময় অপেক্ষা কৰি থকা অসমবাসীৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ দৰ্শকক অংকুশিতাই হতাশ নকৰিলে। অন্তিম তথা আটাইতকৈ আকৰ্ষণীয় মেচখনত অংকুশিতাই ভাৰতৰ হৈ পঞ্চমটো সোণৰ পদক জয়লাভ কৰে। অংকুশীতাই ৬৪ কেজি শাখাত ৰাছিয়াৰ বক্সাৰক পৰাজিত কৰাৰ লগে লগে ষ্টেডিয়ামত উপস্থিত দৰ্শকে উৎসৱমুখ পৰিবেশৰ সৃষ্টি কৰে। অংকুশিতাৰ খেলখন উপভোগ কৰিবলৈ ষ্টেডিয়ামত মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও উপস্থিত থাকে। উল্লেখ্য যে, বিশ্ব যুৱ মহিলা বক্সিং প্ৰতিযোগিতাত ভাৰতে পাঁচটা সোণৰ পদক লাভ কৰাৰ বিপৰীতে ৰাছিয়াই ২টা, কোৰিয়া, আমেৰিকা আৰু কাজাকিস্থানে এটাকৈ সোণৰ পদক লাভ কৰে।

Comments

comments

You may also read!

গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন ব্যতিক্ৰমী পশু প্ৰেমিকৰ বিশেষ পদক্ষেপ

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : নিজৰ গাঁঠিৰ ধন ভাঙি পশু-পক্ষীৰ তৃষ্ণা নিবাৰণৰ বাবে এজন যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ। যুৱকজনৰ

Read More...

চৌদি আৰামক’ৰ ওপৰত হোৱা আক্ৰমণৰ পিছৰে পৰা ক্ৰমান্বয়ে বাঢ়ি আছে পেট্ৰল-ডিজেলৰ মূল্য

গুৱাহাটী, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : প্ৰতিদিনেই বাঢ়ি আছে পেট্ৰল আৰু ডিজেলৰ মূল্য । শাক-পাচলিৰ পাছতে পেট্ৰল আৰু ডিজেলৰ

Read More...

জনীয়া উপ-নিৰ্বাচনৰ বিজেপিৰ টিকট প্ৰত্যাশী মজিবৰ ৰহমান খানৰ দুৰ্নীতিৰ তদন্তৰ দাবীত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

বৰপেটা, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : বৰপেটা জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মজিবৰ ৰহমান খানে তেওঁৰ কার্যকালত সংঘটিত কৰা পৰ্বতসম

Read More...

Mobile Sliding Menu