ডিগবৈ, ১৯ নৱেম্বৰ: পুনৰ এবাৰ অসমীয়াৰ মূৰত ৰাম টাঙোন সোধাই অনা অসমীয়া প্ৰীতি প্ৰদৰ্শন কৰিলে ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে৷ থলুৱা শিক্ষিত যুৱক-যুৱতীৰ প্ৰৱঞ্চনা কৰি বহিৰাগত প্ৰাৰ্থী আমদানি কৰি তেল নিগমে আজি অনুষ্ঠিত কৰিলে এপেণ্ডিক্সৰ পৰীক্ষা৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে আজি ভাৰতীয় তেল নিগম অসম তেল সংমণ্ডলে অনুষ্ঠিত কৰে ১৩০টা এপেণ্ডিক্স পদৰ বাবে লিখিত পৰীক্ষা৷ দিনৰ ১১ বজাৰ পৰা দুটাকৈ পৰীক্ষা কেন্দ্ৰ ক্ৰমে দিল্লী পাব্লিক স্কুল আৰু ডিগবৈ কাৰ্মেল স্কুলত অনুষ্ঠিত হৈছে এই পৰীক্ষা৷ বিগত সময়ত তেল নিগমত খালি হোৱা কেইবাটাও কাৰিকৰী পদৰ চাকৰিৰ সাক্ষাৎকাৰত অৱতীৰ্ণ হ’বলৈ অহা বহিৰাগত প্ৰাৰ্থীক ডিগবৈৰ দল-সংগঠনে খেদি পঠিওৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ মেনেজমেণ্টে অতি সংগোপনে এই পৰীক্ষা অনুষ্ঠিত কৰিছে৷ পুৱা ৮ বজাৰ পৰাই প্ৰাৰ্থীসকলক ডিগবৈ আৰক্ষী থানাৰ সন্মুখৰপৰা আৰক্ষী, চি আৰ পি এফ ৰ নিৰাপত্তা বেষ্টনীৰ মাজত কাৰ্মেল আৰু ডি পি এছ স্কুলৰ বাছেৰে পৰীক্ষা কেন্দ্ৰলৈ লৈ যায়৷ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত নিৰ্দ্দিষ্ট সময়ত পৰীক্ষা অনুষ্ঠিত কৰে৷ মনকৰিবলগীয়া যে, ১২০টা এপেণ্ডিক্স পদৰ এই লিখিত পৰীক্ষাত বিহাৰ, উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ডৰ বহু কেইগৰাকী প্ৰাৰ্থীকে ধৰি সৰ্বমুঠ ১৩০০ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে৷ ইফালে তেল নিগমৰ এই সমস্ত কাণ্ড কাৰখানাত আশ্বৰ্য্য প্ৰকাশ কৰি ডিগবৈৰ কেইবাটাও দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, তাই আহোম যুৱ পৰিষদ, বীৰ লাচিত সেনাকে আদি কৰি কেইবাটাও ছাত্ৰ সংগঠনে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেল নিগমৰ এই কাৰ্যক গৰিহনা জনায়৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা লক্ষজ্যোতি গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, উত্তৰ পূৰ্বাঞ্চলত লাখ লাখ শিক্ষিত নিবনুৱা থকাৰ পাছতো বিহাৰ উত্তৰ প্ৰদেশৰ প্ৰাৰ্থীক তেল নিগম কৰ্তৃপক্ষই অগ্ৰাধিকাৰ দিয়া কাৰ্যক বিৰোধীতা কৰিছো আৰু অচিৰেই মেনেজমেণ্টক ইয়াৰ প্ৰত্যুত্তৰ প্ৰদান কৰিব৷