চন্দ্ৰপুৰ, ১৯ নৱেম্বৰঃ  মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত শনিবাৰে নিশা প্ৰায় ২ বজাত ৰেলৰ খুন্দাত দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হয়। খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীৰ জাক চন্দ্ৰপুৰৰ ঠাকুৰকুচি ৰেল ষ্টেচনৰ সমীপত আবদ্ধ হৈ পৰাত অৱধ অসম এক্সপ্ৰেছশৰ খুন্দাত প্ৰাণ হেৰুৱাই দুটাকৈ বনৰীয়া হাতীয়ে। নিশা বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জেচিবিৰ সহায়ত ৰেল লাইনৰ পৰা হাতী দুটাৰ মৃতদেহ আঁতৰ কৰে। বন্যহস্তীৰ এনে কৰুণ মৃত্যুয়ে সমগ্ৰ চন্দ্ৰপুৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। উল্লেখ্য যে কিছুদিন পূৰ্বেও চন্দ্ৰপুৰৰ পানবাৰীত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছিল।