মানকাচৰ : মানকাচৰত ব্ৰহ্মপুত্ৰ নদীৰ লগত খেল-ধেমালি কৰে এআইইউডিএয়ে। সমস্যা সমাধানৰ বাবে দোৱা আৰু ঔষধ দুয়োটাৰে প্ৰয়োজন। এআইইউডিএফে কেৱল দোৱাহে দিয়ে, ঔষধৰ ব্যৱস্থা নকৰে। বদৰুদ্দিন আজমলৰ দোৱাত প্ৰতিৰোধ নহয় ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি এআইইউডিএফক আক্ৰমণ শালমাৰা-মানকাচৰ জিলা তৃণমুল কংগ্ৰেছৰ সভাপতি এ এছ এম জাহাঙ্গীৰৰ।

হাটশিঙিমাৰীত এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা তৃণমূল কংগ্ৰেছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি এ এছ এম জাহাঙ্গীৰৰ নেতৃত্বত অৰ্ধ শতাধিক দলীয় নেতা-কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী উত্থাপন কৰাৰ লগতে জিলাখনৰ গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায়। জিলাখনৰ দক্ষিণ শালমাৰা সমষ্টিৰ হাজিৰহাট গাঁও পঞ্চায়তৰ পৰা মানকাচৰ সমষ্টিৰ কানাইমাৰা গাঁও পঞ্চায়তলৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

জিলাখনত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই ভাৰত-বাংলাদেশ সীমান্তত থকা কাঁইটীয়া তাঁৰৰ প্ৰতিও চৰম ভাবুকি কঢ়িয়াই আহিছে। অঞ্চলটোত ইতিমধ্যে কেইবাহাজাৰ বিঘা কৃষি ভূমিৰ লগতে বহু ঘৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈছে। তৃণমূল কংগ্ৰেছে অভিযোগ কৰে যে জিলাখনৰ উক্ত অঞ্চলটোত খহনীয়া প্ৰতিৰোধৰ নামত চৰকাৰে কেইবাটাও আঁচনিৰ অধনীত কোটি কোটি টকা আৱণ্টন দিছে যদিও কামৰ দায়িত্ব লাভ কৰা বিভাগী বিষয়া-কৰ্মচাৰী তথা ঠিকাদাৰে বিজ্ঞানসন্মতভাৱে কাম নকৰি আৱণ্টিত ধনৰ অধিকাংশই দুৰ্নীতিৰ জৰিয়তে লুণ্ঠন কৰিছে। ফলত জিলাখনত খহনীয়া প্ৰতিৰোধৰ নামত অহা প্ৰতিটো আঁচনি বিফল হৈ বগাহাতীত পৰিণত হৈছে।

ইফালে বানৰ পিছত ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাত খহনীয়াই অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। খহনীয়া এইদৰে অব্যাহত থাকিলে অতি কম সময়ৰ ভিতৰত জিলাৰ সদৰ হাটশিঙিমাৰীৰ লগতে জিলাখন অসমৰ মানচিত্ৰৰ পৰা বিলপ্ত হোৱাৰ সম্ভাবনা প্ৰকট হৈ পৰিছে। এনে পৰিস্থিতিৰ মাজত এআইইউডিএফ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ সমষ্টিখনৰ উন্নয়নৰ নামত কেৱল দোৱা কৰাৰহে অভিযোগ উত্থাপন কৰিছে তৃণমূল কংগ্ৰেছে। তৃণমূল কংগ্ৰেছৰ জিলা সভাপতি এ এছ এম জাহাঙ্গীৰে কয় যিকোনো সমস্যা সমাধান কৰিবলৈ দোৱা আৰু ঔষধ দুয়োটাৰে প্ৰয়োজন আছে। কেৱল দোৱা কৰি বহ্মপুত্ৰ নদীৰ লগত খেল-ধেমালী কৰি সমস্যাৰ সমাধান নহয়।

এ এছ এম জাহাঙ্গীৰে এআইইউডিএফ প্ৰধান তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক আক্ৰমণ কৰি কয় যে এআইইউডিএফে কেৱল দোৱাহে দিয়ে, ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ ঔষধৰ ব্যৱস্থা নকৰে এআইইউডিএফ দলে। বদৰুদ্দিন আজমলৰ দোৱাত প্ৰতিৰোধ নহয় ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ প্ৰতিৰোধৰ নামত অহা কোটি কোটি টকাৰ আঁচনি বগাহাতীত পৰিণত হৈছে। অতি শীঘ্ৰে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অসমৰ মানচিত্ৰৰ পৰা বিলপ্ত হ’ব দক্ষিণ শালমাৰা-মানকাচৰ জিলা বুলিও তেওঁ কয়।