গুৱাহাটী : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ (Arvind Kejriwal) অসম ভ্ৰমণ। অসমলৈ আহি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংস্কৃতি শিকিবলৈ পৰামৰ্শ দিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী আৰু পাঞ্জাৱত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল নহয়, অসমত কিয় হয় বুলি প্ৰশ্ন। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীৰ লগতে অসম ভ্ৰমণলৈ অহা পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিঙ মানেও তুলা ধুনা দিছে অসম চৰকাৰক।

দেওবাৰে অসম ভ্ৰমণলৈ আহে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিঙ মান। মহানগৰী গুৱাহাটীৰ ভৰলুস্থিত সোণাৰাম খেল পথাৰত এক বিশাল জন সভাক সম্বোধন কৰে আম আদমি পাৰ্টিৰ দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে। অসমত উপস্থিত হৈয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লক্ষ্য কৰি লয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “মই অসম অহাৰ পূৰ্বে আহমদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোক জেলত ভৰাই থব বুলি ধমকি দিছিল। মই উগ্ৰপন্থী নেকি যে মোক জেলত ভৰাই থব ? অসমৰ লোক বহুত ভাল, ধমকি দিয়াটো অসমৰ সংস্কৃতি নহয়। হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, কিন্তু তেওঁ অসমৰ সংস্কৃতি শিকা নাই।”

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ সংস্কৃতি শিকিবলৈ পৰামৰ্শ প্ৰদান কৰে। অৰবিন্দ কেজৰিৱাল লগতে কয় “মই হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ নিমন্ত্ৰণ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা দিল্লীলৈ আহক মোৰ ঘৰলৈ আহক চাহ খাবলৈ, মই তেওঁক দিল্লী ফুৰাবলৈ নিম। এইদৰে ভাবুকি প্ৰদান কৰা এজন মুখ্যমন্ত্ৰীক শোভা নিদিয়ে।” অৰবিন্দ কেজৰিৱালে লগতে দিল্লী আৰু অসমৰ উন্নয়ন তুলনা কৰি কয় “অসমত অগপ, কংগ্ৰেছ, বিজেপি সকলোকে অসমৰ ৰাইজে চৰকাৰ গঠনৰ সুবিধা দিলে, কিন্তু কোনো এটা দলে অসমৰ উন্নয়ন নকৰিলে।”

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ বিজেপি চৰকাৰখনকো লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। ইফালে অৰবিন্দ কেজৰিৱালৰ লগতে অহা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিঙ মাননেও অসম আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰ আক্ৰমণ কৰি লয়। ভগৱন্ত সিঙ মানে কয় “আমাৰ চৰকাৰে দিল্লীত চৰকাৰী বিদ্যালয়ৰ ছবি সলনি কৰিছে। দিল্লীত ব্যক্তিগত বিদ্যালয়ৰ পৰিবৰ্তে অভিভাৱক সকলে সন্তানক চৰকাৰী বিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আমি চৰকাৰী বিদ্যালয় খুলিছে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিদ্যালয় খুলিছে।”

উল্লেখ্য যে অসমত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল হোৱা ঘটনাকলৈ অসম চৰকাৰক সমালোচনা কৰে অৰবিন্দ কেজৰিৱালে। দিল্লী আৰু পাঞ্জাৱত মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিল নহয়, কিন্তু অসমত কিয় ফাদিল হয় বুলি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে। অৰবিন্দ কেজৰিৱালে দেশৰ প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীকলৈ পুনৰ প্ৰশ্ন উত্থাপন কৰে।