গুৱাহাটী : এইবাৰ উচ্চ নায়ালয়ৰ মজিয়া পালেগৈ কয়লাৰ অবৈধ খননৰ প্ৰসংগ। অবৈধ কয়লা খনন তৎকালে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ। কয়লা চিণ্ডিকেটৰ (Coal Syndicate) সকলো তথ্য-প্ৰমাণ উচ্চ ন্যায়ালয়ত দাখিল কৰিব অসম জাতীয় পৰিষদে। এতিয়া আদালতেই শেষ ভৰসা বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ।

অসমত অবৈধ কয়লা খননৰ জৰিয়তে ব্যাপক হাৰত বন আৰু পৰিৱেশ ধ্বংসৰ বিষয়টো এতিয়া আদালতৰ মজিয়া পালেগৈ৷ ৰাজ্যখনৰ তিনিচুকীয়াকে ধৰি কেইবাখনো জিলাত ৰেট হোল আৰু অপেন কাষ্ট উভয় ধৰণৰ মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ লগতে দিছপুৰৰ পৃষ্ঠপোষকতাত বৃহৎ ছিণ্ডিকেট চলি থকাৰ বিষয়ত অসম জাতীয় পৰিষদ দল দীৰ্ঘদিনৰ পৰা সৰৱ হৈ থকা সত্ত্বেও চৰকাৰে এই দিশত ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টো বিদ্বৎ মহলত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমত কয়লাৰ সকলো অবৈধ খনন বন্ধ কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে৷ দেওবাৰে ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এখন সংবাদ মেলৰ আয়োজন কৰি এই কথা প্ৰকাশ কৰে৷

অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে যোৱা ৩১ মাৰ্চৰ দিনা গুৱাহাটী উচ্চ ন্যায়ালয়ে একাধিক ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ শুনানি গ্ৰহণ কৰি উজনি অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলত চলি থকা অবৈধ কয়লা খনন তৎকালে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে৷ অসম জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা বসন্ত ডেকাসহ কেইবাগৰাকী ব্যক্তিয়ে পৃথকে পৃথকে আদালতত দাখিল কৰি ৰাজহুৱা স্বাৰ্থজড়ি আবেদনসমূহ একত্ৰ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ মেহতা আৰু ন্যায়াধীশ চুমন শ্যামৰ খণ্ড বিচাৰপীঠে উক্ত নিৰ্দেশনা দিয়ে৷

ন্যায়লয়ৰ উক্ত নিৰ্দেশক আদৰণি জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “আমি বহুদিনৰ পৰাই কৈ আহিছোঁ যে উজনি অসম আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলসমূহত ৰাজনৈতিক পৃষ্ঠপোষকতাত ৰেট হোল মাইনিঙ আৰু অপেন কাষ্ট মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন আৰু সৰবৰাহৰ কাম চলি আছে। কিন্তু বাৰম্বাৰ কৈ থকাৰ পাছতো ৰাজ্য চৰকাৰে আজিলৈকে এইক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই৷ দেশৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক উক্ত বিষয়টো অৱগত কৰোৱাৰ পাছতো তাৰ পৰাও আমি এতিয়ালৈকে কোনো সদুত্তৰ নাপালোঁ।”

এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টো গুৰুত্ব সহকাৰে লোৱা কথাটো ৰাইজৰ বাবে আশাৰ বতৰা বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে এতিয়া অসম জাতীয় পৰিষদে এই সন্দৰ্ভত সকলো ধৰণৰ তথ্য তথা নথি-প্ৰমাণ আদালতত জমা দিব৷ অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে লগতে কয়, “আমি ইতিমধ্যে কোৱাৰ দৰে উজনি অসমকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ সংৰক্ষিত বনাঞ্চলসমূহত বন ধ্বংসযজ্ঞ চলি থকাৰ লগতে কয়লা মাফিয়াৰ দ্বাৰা উক্ত বনাঞ্চলত ৰাজনৈতিক পৃষ্ঠপোষকতাৰে কয়লাৰ অবৈধ খনন আৰু সৰবৰাহ কাৰ্য অব্যাহত আছে। এনে অবৈধ সৰবৰাহৰ জৰিয়তে ৰাজ্য চৰকাৰে কোনোধৰণৰ ৰাজহ লাভ কৰা নাই আৰু বৰং ইয়াৰ বিপৰীতে ৰাজনৈতিক সুৰুঙাৰে দৈনিক হেজাৰ হেজাৰ কোটি টকাৰ অবৈধ সংগ্ৰহ অভিযানহে চলি আছে৷ তথাকথিতভাৱেই সমগ্ৰ প্ৰক্ৰিয়াটো নিয়ন্ত্ৰিত হৈছে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ জৰিয়তে৷ মূলতঃ সেই কাৰণেই চৰকাৰে উক্ত অবৈধ খনন আৰু ব্যৱসায় বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই৷ কিন্তু আদালতে বিষয়টো গুৰুত্ব দিয়াটো শুভ লক্ষণ৷ এতিয়া আদালতেই ৰাইজৰ শেষ ভৰসা৷”

লুৰীণজ্যোতি গগৈয়ে কয়, “গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উল্লিখিত নিৰ্দেশনাটোত এই কথা স্পষ্টভাৱে উল্লেখ আছে যে ভাৰত চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা আৰ কে ডি চৌধুৰীয়ে স্পষ্ট ভাষাৰে মহামান্য উচ্চ ন্যায়ালয়ক অৱগত কৰাইছে যে ক’ল ইণ্ডিয়াৰ দ্বাৰা কোনো ধৰণৰ কয়লা খননৰ কাম চলি থকা নাই বৰং বেলেগৰ দ্বাৰাহে তাত সেই খনন চলি আছে৷ অতিৰিক্ত মহাধিবক্তাৰ এই উক্তিত অসম জাতীয় পৰিষদে কৰা দাবীৰ ন্যায্যতা প্ৰমাণ হৈছে৷ আমি পুনৰ দোহাৰিছোঁ যে সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজনৈতিক সুৰুঙাৰে দিশপুৰৰ পৰা নিয়ন্ত্ৰিত হৈ আছে আৰু ইয়াৰ তাৎক্ষণিক বন্ধকৰণৰ আমি দাবী জনাইছোঁ। এইক্ষেত্ৰত আমাৰ হাতত যিমানবোৰ তথ্যপ্ৰমাণ আছে সকলোবোৰ মহামান্য উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ৷” সংবাদ মেলত লুৰীণজ্যোতি গগৈয়ে ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা আটাইকেইগৰাকী আবেদনকাৰীকো ধন্যবাদ জনায়৷