নিউজ ডেস্ক : চুৰট আদালতলৈ যাব কংগ্ৰেছ নেতা ৰাহুল গান্ধী (Rahul Gandhi)। চুৰট আদালতৰ ৰায়দানকলৈ সোমবাৰে ৰাহুল গান্ধী আদালতত উপস্থিত হোৱাৰ সম্ভাৱনা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ শুনানিত দুবছৰৰ কাৰাদণ্ডৰ ৰায়দান প্ৰদান কৰিছিল চুৰটৰ আদালতে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক এক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তিৰ ৰায়দান প্ৰদান কৰিছিল চুৰটৰ এক আদালতে। আদালতৰ ৰায়দানৰ পিছতে ৰাহুল গান্ধীক লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হৈছিল। আদালতৰ ৰায়দানৰ পিছত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পিছতে দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

কংগ্ৰেছৰ লগতে সকলো বিৰোধী ৰাজনৈতিক দল সমূহে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক এক ষড়যন্ত্ৰ আখ্যা দি এইয়া দেশৰ গণতন্ত্ৰৰ প্ৰতি ভাবুকি সৃষ্টি হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰিছিল। ইয়াৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কংগ্ৰেছ দলে। এতিয়া ৰাহুল গান্ধীয়ে তেওঁৰ শাস্তিৰ বিৰুদ্ধে সোমবাৰে গুজৰাটৰ চুৰাট আদালতলৈ যাব পাৰে বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে। আদালতত ৰাহুল গান্ধীয়ে তেওঁৰ শাস্তিৰ বিৰুদ্ধে আবেদন দাখিল কৰিব আৰু আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাব বুলি জানিব পৰা গৈছে।

ৰাহুল গান্ধীয়ে আবেদনত ‘মোদী উপাধি’ গোচৰত তেওঁক দোষী সাব্যস্ত কৰা দণ্ডাধীশৰ আদেশ বাতিল কৰিবলৈ অনুৰোধ জনোৱাৰ সম্ভাৱনাও আছে। চুৰট আদালতে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰাৰ লগতে তেওঁৰ জামিন মঞ্জুৰ কৰি ৩০ দিনৰ বাবে শাস্তি স্থগিত ৰাখিছিল, যাতে তেওঁ উচ্চ ন্যায়ালয়ত আবেদন কৰিবলৈ সময় পায়। উল্লেখ্য যে ৰাহুল গান্ধীয়ে ২০১৯ ত এক নিৰ্বাচনী প্ৰচাৰ সভাত মোদী উপাধিকলৈ এক বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।

ৰাহুল গান্ধীয়ে মোদী উপাধিকলৈ দিয়া বিতৰ্কিত মন্তব্যৰ পিছতে বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল। পূৰ্ণেশ মোদীৰ গোচৰৰ শুনানিত দণ্ডাধীশ এইচ এইচ বাৰ্মাৰ আদালতে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰিছিল। শাস্তি প্ৰদানৰ লগতে ৰাহুল গান্ধীক আদালতে জামিন প্ৰদান কৰি আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনোৱাৰ বাবে ৩০ দিনৰ সময় প্ৰদান কৰিছে।